Site icon Guwahati Times

লিভাৰ সুৰক্ষিত কৰি ৰাখিবলৈ এই কেইবিধ খাদ্য গ্ৰহণ কৰক

আমাৰ দেহৰ এক অন্যতম অত্যন্ত গুৰুত্বপূৰ্ণ অংগ হৈছে যকৃত বা লিভাৰ। আমাৰ দৈনদিন কামকাজ সুচাৰুৰূপে কৰি যাবলৈ যিদৰে এটা সুস্থ মস্তিষ্কৰ প্ৰয়োজন, ঠিক সেইদৰে এটা স্বাস্থ্যৱান জীৱনৰ বাবে প্ৰয়োজন এটা সুস্থ-সবল লিভাৰৰ।

লিভাৰটোক সুস্থৰূপত ৰাখিবলৈ আমি খোৱা-বোৱাত মন দিয়াটো যথেষ্ট দৰকাৰী। তেনে কেইবিধমান খাদ্যৰ এখন তালিক তলত আগবঢ়োৱা হৈছে –

নহৰু –

নহৰুত এলিচিন (Allicin) নামৰ এবিধ তেলেতীয়া ৰস থাকে, যাৰ এণ্টিবায়’টিকৰ গুণ আছে। ই আমাৰ দেহৰ পৰা বিষাক্ত গুণ নাশ কৰাত সহায় কৰে।

বীট –

বীটত প্ৰচুৰ পৰিমাণে এণ্টিঅ’ক্সিডেণ্ট, মিনাৰেল আৰু ভিটামিন পোৱা যায়। ই আমাৰ পিত্তৰসৰ মান উন্নত কৰে যাৰ দ্বাৰা দেহত থকা বিষাক্ত দ্ৰব্য সমূহ ধ্বংস কৰা হয়।

কফি –

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে কফি সেৱনে আমাৰ লিভাৰটোক বিভিন্ন বেমাৰৰ পৰা বচাই ৰাখে। কফিত থকা পলিফেনলত এণ্টিঅক্সিডেণ্ট পোৱা যায়, ই আমাক লিভাৰ চিৰোছিছৰ পৰা ৰক্ষা কৰে।

তেলাল মাছ –

চালমন, ছাৰ্ডিন, টুনা আদি তেলাল মাছত ওমেগা ৩ ফেটি এচিড পোৱা যায়। ওমেগা ৩ য়ে ইনছুলিন ছেনছিভিটি বৃদ্ধি কৰে আৰু দেহত লিপিডৰ পৰিমাণ লাঘৱ কৰে।

তদুপৰি লিভাৰ সুস্থ ৰাখিবলৈ ভিটামিন চি যুক্ত নেমু, আঙুৰ, আপেল আদিৰ লগতে হালধি, আদা আদি খাব পাৰি। এইসমূহে শৰীৰৰ পৰা বিষাক্ত দ্ৰব্য সমূহ ধ্বংস কৰাত সহায় কৰে।

 

Disclaimer: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে, সেয়েহে বিশদ জানিবলৈ সদায়ে এজন বিশেষজ্ঞৰ পৰামৰ্শ লওঁক

Exit mobile version