Site icon Guwahati Times

লিভ-ইন সম্পৰ্কৰ বাবে গাইডলাইন! এনে বিচাৰধাৰাক ঘৃণনীয় আখ্যা সৰ্বোচ্চ ন্যায়ালয়ৰ

লিভ ইন ৰিলেশ্যনশ্বিপৰ বাবে গাইড লাইন সম্পৰ্কীয় আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ইয়াক “ঘৃণনীয় বিচাৰ ধাৰা “বুলি অভিহিত কৰে।

এজন অধিবক্তাই প্ৰতিটো লিভ-ইন সম্পৰ্কৰ বাধ্যতামূলক পঞ্জীয়ন বিচাৰি আবেদন জনাইছিল। ইয়াৰ জৰিয়কে একেলগে বাস কৰা যুৱক-যুৱতী সকলৰ সুৰক্ষা বিচাৰিছিল। লিভ-ইনত থকাৰ সময়ত হোৱা অপৰাধমূলক ঘটনা ৰোধ কৰাৰ বাবেও এই আবেদন দাখিল কৰে।

এই সন্দৰ্ভত সোমবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে, এইবোৰ কি? মানুহে ইয়াত যিকোনো বিষয় লৈ আহে। এনে ধৰণৰ বিষয়ত আমি এতিয়া সময় খৰছ কৰিম? কাৰ সৈতে পঞ্জীয়ন? কেন্দ্ৰীয় চৰকাৰ? লিভ-ইনত থকা সকলৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা কি ? এনে আবেদনৰ ওপৰত জৰিমনা বিহিব লাগে।

তেওঁ কয় যে “আপুনি এই লোকসকলৰ নিৰাপত্তা বিচাৰিছে নে লিভ-ইন সম্পৰ্কত থাকিবলৈ দিব নিবিচাৰে? ইয়াৰ পিছতেই এই আবেদন খাৰিজ কৰে ন্যায়ালয়ে।

Exit mobile version