Site icon Guwahati Times

শঙ্কৰ চৌধুৰীক সভাপতি আৰু ৰমেন দাসক সম্পাদক হিচাপে লৈ বডোলেণ্ড সাংবাদিক সন্থাৰ নতুন কাৰ্যনিৰ্বাহক সমিতি

গোসাঁইগাঁও প্ৰেছ ক্লাৱৰ আতিথ্যত যোৱা ২৭ আৰু ২৮ মে’ত দুই দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যোৱা বডোলেণ্ড সাংবাদিক সংস্থা চমুকৈ বিজেএ ৰ পঞ্চম দ্বি বাৰ্ষিক অধিৱেশনত ত্ৰিকোণ নিৰ্বাচনৰ যোগেদি গোসাঁইগাঁও প্ৰেছ ক্লাবৰ শংকৰ চৌধুৰীক সভাপতি আৰু তামুলপুৰ প্ৰেছ ক্লাবৰ ৰমেন দাসক সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয় । নৱ গঠিত কাৰ্য্যনিৰ্বাহক সমিতি খনে আজি শপথ গ্ৰহণৰ যোগেদি কাৰ্যভাৰ গ্ৰহণ কৰে। এই উপলক্ষে তামুলপুৰ প্ৰেছ ক্লাবৰ অতিথ্যত তামুলপুৰ প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত আজি দিনৰ এঘাৰ বজাত অনুষ্ঠিত হয় দায়িত্বভাৰ অৰ্পণ আৰু শপথ গ্ৰহণ অনুষ্ঠান। বিদায়ী সভাপতি আবু বক্কৰ ছিদ্দিকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিগত কাৰ্যকালৰ বিভিন্ন বিষয় আলোচনা কৰা হয় । ইয়াৰ পিছতে উপদেষ্টা জাইখলং ব্ৰহ্মৰ পৰিচালনাত অনুষ্ঠিত হোৱা শপথ গ্ৰহণ অনুষ্ঠানটিৰ পূৰ্বে বিদায়ী সভাপতি আবু বক্কৰ ছিদ্দিকে নৱ নিৰ্বাচিত সভাপতি শংকৰ চৌধুৰীৰ হাতত দায়িত্ব ভাৰ অৰ্পণ কৰে । অনুষ্ঠানটোত উপদেষ্টা নৱ কুমাৰ ডেকা, উপ সভাপতি মনালিছা শৰ্মা, জ্যেষ্ঠ সাংবাদিক অজিৎ বসুমতাৰী, আইনী সম্পাদক কিশোৰ সৰকাৰৰ লগতে নৱ নিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতি খনৰ প্ৰায় ভাগ বিষয়ববীয়া উপস্থিত থাকে । সম্পাদক ৰমেন দাসে সভাৰ উদ্দ্যেশ্য ব্যাখ্যা কৰা সভাখনৰ অন্তত শলাগৰ শৰাই আগবঢ়াই তামুলপুৰ প্ৰেছ ক্লাবৰ সভাপতি উৎপল ডেকাই ।

Exit mobile version