শতকৰ দিশে! বাঢ়িয়ে আছে পেট্ৰ’ল–ডিজেলৰ মূল্য, জানক অসমত কেতিয়া লিটাৰত ৫টকা পৰ্যন্ত কমিব পাৰে পেট্ৰ’ল–ডিজেলৰ মূল্য

1 min read

নতুন দিল্লীঃ চৰকাৰী তৈল কোম্পানীসমূহে পেট্ৰ’ল–ডিজেলৰ (Petrol Diesel) মূল্য আজি আকৌ বঢ়াইছে। পেট্ৰ’ল–ডিজেলৰ মূল্য একেৰাহে বাঢ়ি যোৱাৰ কাৰণে উপভোক্তাৰ সমস্যা আৰু অধিক হৈ পৰিছে। বিশেষকৈ ডিজেলৰ দাম একেৰাহে বঢ়াৰ কাৰণে ইয়াৰ পোণপটীয়া প্ৰভাৱ সাধাৰণ মানুহৰ পাকঘৰত পৰিবলৈ গৈ আছে। উল্লেখ্য যে, ডিজেলৰ মূল্য কেইবাখনো ৰাজ্যত আকাশলংঘী স্তৰত পোৱাৰ কাৰণে ৫মাহত দ্বিতীয়বাৰলৈ পৰিবহনকাৰীসকলে ভাৰা বৃদ্ধি কৰা দেখা গৈছে, ইয়াৰ বোজা পোণপটীয়াকৈ উপভোক্তাৰ ওপৰত পৰাটো নিশ্চিত। আজি ৰাজধানী দিল্লীত পেট্ৰ’লৰ দাম ২৫ পইচা প্ৰতি লিটাৰত বৃদ্ধি হৈছে।

ইয়াত চেক কৰক আপোনাৰ চহৰত কিমান মহঙা হৈছে পেট্ৰ’ল–ডিজেলঃ
>> দিল্লীত পেট্ৰ’ল প্ৰতি লিটাৰত ৮৫.৪৫ টকা আৰু ডিজেল ৭৫.৬৩টকা প্ৰতি লিটাৰত হৈছে।

মুম্বাইত পেট্ৰ’ল প্ৰতি লিটাৰত ৯২.০৪টকা আৰু ডিজেল ৮২.৪০টকা প্ৰতি লিটাৰ হৈছে।
>> কলকাতাত পেট্ৰ’ল প্ৰতি লিটাৰত ৮৬.৮৭ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৭৯.২৩টকা হৈছে।
>> চেন্নাইত পেট্ৰ’ল প্ৰতি লিটাৰত ৮৮.০৭টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮০.৯০টকা হৈছে।
>> বেংগালুৰুত প্ৰতি লিটাৰ পেট্ৰ’ল ৮৮.৩৩টকা আৰু ডিজেল ৮০.২০টকা প্ৰতি লিটাৰত হৈছে।

>> নয়দাত পেট্ৰ’ল প্ৰতি লিটাৰত ৮৫.০২টকা আৰু ডিজেল প্ৰতি লিটাৰত ৭৬.০৮ টকা হৈছে।

> গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’ল ৮৮.৫৮টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮২.০৩টকা হৈছে।

অসমত কেতিয়া কমিব দাম?

যোৱা বছৰ এপ্ৰিল মাহত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমে লিটাৰত প্ৰায় ৫টকাকৈ বৃদ্ধি কৰিছিল। গতিকে এই অতিৰিক্ত কৰ হ্ৰাস কৰিলে পেট্ৰ’ল–ডিজেলৰ মূল্য যথেষ্ট হ্ৰাস পোৱাটো নিশ্চিত। ফেব্ৰুৱাৰী মাহৰ পৰা অসমত পেট্ৰ’ল–ডিজেলৰ ওপৰত আৰোপ কৰা এই ক’ভিড সম্পৰ্কীয় কৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা বছৰৰ আৰম্ভনিতে এই কথা ঘোষণা কৰিছিল।

 

You May Also Like

More From Author