Site icon Guwahati Times

শনিদেৱৰ মহাদশাত ভুলতো নকৰিব এনে কাম; অন্যথা ক্ৰোধিত হ’ব শনিদেৱ

আজি শনিবাৰ৷ শনিবাৰে ন্যায়ৰ দেৱতা শনিদেৱক সন্তুষ্ট কৰিলে দূৰ হয় জীৱনৰ দুখ–কষ্ট। শনি মহাৰাজে মানুহক প্ৰতাৰণা নকৰে। মানুহে যেনে কৰ্ম কৰে, তেনে ফল দিয়ে শনিদেৱে। যদি আপুনি বেয়া কৰ্ম কৰিছে তেন্তে তাৰ বেয়া ফল ভুগিব লাগিব।

আনহাতে যদিহে আপুনি ভাল কাম কৰিছে তেন্তে আপুনি ভাল ফল লাভ কৰিব৷ শনিৰ মহাদশাৰ বাবে এজন ব্যক্তিৰ জীৱনত বিৰূপ প্ৰভাৱ পৰে। ইয়াৰ পৰা হাত সাৰিবলৈ মানুহে শনিদেৱক পূজা কৰিব লাগে। যদি আপুনি শনিদেৱক সন্তুষ্ট কৰিব বিচাৰে, তেন্তে সপ্তাহৰ শনিবাৰটো ইয়াৰ বাবে সৰ্বোত্তম দিন। শনিবাৰে পূজাৰ শনি পূজাত সময়ত  কেতিয়াও নকৰিব এইকেইটা ভুল…
১. শনিদেৱৰ পূজাত ৰঙা ৰঙৰ বস্তু ব্যৱহাৰ কৰিব নালাগে। এনে কৰিলে শনিদেৱৰ খং উঠে আৰু শনিৰ ছাঁ পৰিলে মানুহৰ জীৱন যন্ত্ৰণাদায়ক হৈ পৰে। শনিদেৱে সূৰ্য আৰু মংগল দুয়োটাকে নিজৰ শক্ৰ বুলি গণ্য কৰে। গতিকে শনিবাৰে শনি পূজাত ৰঙা ৰঙৰ কোনো সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে।
২. শনিদেৱক পূজা কৰি থাকোতে শনিৰ চকুৰ ফালে চাব নালাগে। ইয়াৰ দ্বাৰা শনিদেৱৰ কোপদৃষ্টিৰ পৰা হাত সাৰিব পাৰি। কাৰণ শনিদেৱৰ কু-দৰ্শন আমাৰ জীৱনৰ প্ৰগতিত বাধা হৈ পৰে। সেয়ে শনিদেৱৰ পূজাৰ সময়ত শনিদেৱৰ ভৰিৰ ফালে চাব লাগে।
৩. ক’লা আৰু নীলা ৰং শনিদেৱৰ বৰ প্ৰিয়। সেয়ে এই ৰঙৰ বাহিৰে শনিদেৱক শনিবাৰে আন কোনো ৰঙৰে পূজা কৰা উচিত নহয়। ৰঙা,হালধীয়া আৰু বগা ফুল শনিদেৱক কেতিয়াও আগবঢ়াব নালাগে।
৪. শনিদেৱক পূজা কৰাৰ সময়ত মুখ’খন পশ্চিম দিশত হব লাগে। শনিদেৱক আন কোনো দিশলৈ মুখ কৰি পূজা কৰা উচিত নহয়। এনে কৰিলে শনিদেৱৰ খং উঠে।
৫. যিসকলৰ ওপৰত শনিদেৱৰ দশা চলি আছে  তেওঁলোকে কেতিয়াও কোনো দৰিদ্ৰ, ৰোগী বা পৰিশ্ৰমী ব্যক্তিক অপমান কৰা উচিত নহয়। একে সময়তে, আন কাৰো দ্বাৰা উপাৰ্জন কৰা ধনৰ ওপৰত‌ চকু দিয়া উচিত নহয়৷ যিমান সম্ভৱ সকলোকে সহায় কৰক আৰু শনিদেৱৰ কৃপা লাভ কৰক।
আনহাতে আপুনি যদি নিৰন্তৰ পাৰিবাৰিক দুৰ্দশাত ভুগি আছে আৰু বিশেষকৈ শনিবাৰে যদি আপুনি অতি খং কৰা আৰম্ভ কৰিছে তেতিয়া আপোনাৰ ওপৰত শনিদেৱৰ দশা চলি থাকিব পাৰে।
Exit mobile version