Site icon Guwahati Times

শাওণ মাহত এই নিয়ম কৰিলে মহাদেৱ হয় সন্তুস্ত

প্ৰৱিত্ৰ শাওণ মাহ শিৱ ভক্তৰ বাবে বহুতো মহত্ব পূৰ্ণ হয়। আৰু শাওণ মাহ হৈছে ভগৱান শিৱৰ অতিকৈ প্ৰিয় মাহ( Religious Studies )। এই শাওণ মাহত ভক্তই কৰা শ্ৰদ্ধাৰ দ্বাৰা মহাদেৱ বহু সোনকালে সন্তুস্ত হয়, আৰু ভক্তৰ মনৰ কামনা পূৰ্ণ কৰে।
Religious Studies

শাস্ত্ৰত এনে কিছু নিয়ম বা উপায়ৰ বিষয়ে বৰ্ণনা আছে, যি সমূহ পালন কৰিলে শাওণ মাহত প্ৰভূ মহাদেৱক সন্তুস্ত কৰিবলৈ সহজ হয়।

সেই বিশেষ উপায় সমূহ হৈছে,

১/শাওণ মাহত ভগৱান শিৱৰ পৰিয়ালৰ ফটো বা মূৰ্তি ঘৰলৈ আনিব। শাস্ত্ৰ অনুসৰি যি ঘৰত, সুখ শান্তিৰ অভাৱ, পৰিয়ালৰ মাজত মনোমালিন্য হৈ থাকে, তেন্তে শাওণ মাহত ভগৱান শিৱৰ সম্পূর্ণ পৰিয়ালৰ ফটো বা প্ৰতিমা ঘৰলৈ আনিব। আৰু পূজা অৰ্চনা কৰিব। ইয়াৰ দ্বাৰা ঘৰখনলৈ সুখ শান্তি আহে।।

২/শাওণ মাহত দৈনিক পঞ্চামিতে মহাদেৱক অভিষেক কৰিব লাগে। সদায়ে নোঁৱাৰিলেও প্ৰতি সোমবাৰে কৰিব পাৰে।। পঞ্চামিত তৈয়াৰ কৰিবলৈ, গংগা জল, গাখীৰ, মৌ, ঘী, আৰু দৈ ব্যৱহাৰ কৰিব। আৰু এই পঞ্চামিতে মহাদেৱক শাওণ মাহত অভিষেক কৰক। ইয়াৰ দ্বাৰা আপোনাৰ সকলো মনৰ বাঞ্চা পূৰ্ণ হব।

৩/যদি কাৰোবাৰ বিবাহত বাধা আহি আছে, বা আপুনি মনে মিলা বৰ পাব বিচাৰে, তেতিয়া আপুনি শাওণ মাহত সোমবাৰে কেচৰ যুক্ত গাখীৰ শিৱ লিংগত অৰ্পন কৰক। এনে কৰিলে বিবাহত অহা বাধা দূৰ হয়, আৰু মনে বিচৰা জীৱন সংগী প্ৰাপ্ত হয়। ( Religious Studies )

৪/মান্যতা অনুসৰি, যদি আপোনাৰ কৰ্ম ক্ষেত্রটো বাৰে বাৰে অসফল হৈ আছে। তেন্তে আপুনি শাওণৰ যিকোনো সোমবাৰে ২১খিলা বেলপাতত চন্দনেৰে ঔম নমাহ শিৱায় লিখি, শিৱ লিংগত অৰ্পন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ কৰ্ম ক্ষেত্রত অহা সকলো বাধা দূৰ হব আৰু সফলতা প্ৰাপ্ত কৰিব।

৫/শাস্ত্ৰ অনুসৰি শাওণ মাহত ভগৱান শিৱক তিল মিশ্ৰিত জলেৰে অভিষেক কৰিলে, ইয়াৰ দ্বাৰা বহু লাভ হয়। কোৱাহয়, তিলে পাপ নষ্ট কৰে। সেয়ে শাওণ মাহত কৰা এই উপায়ে ব্যক্তিক সফলতা প্ৰাপ্ত কৰায়। এই মনা হয়, শাওণ মাহত শিৱ লিংগত দৈনিক চেনি মিশ্ৰিত মিঠা জল অৰ্পন কৰিলে জ্ঞানৰ প্ৰাপ্ত হয়। এই উপায় দ্বাৰা মহাদেৱ সোনকালে সন্তস্ত হয় আৰু ভক্তৰ বুদ্ধি বিকাশ কৰে।

৬) যদি আপুনি সমস্যাত আছে বা কোনো মনৰ কামনা পূৰ্ণ কৰিবলৈ বিচাৰে, তেন্তে আপুনি শাওণ মাহত বলধ গৰুক সেউজীয়া ঘাঁহ খোৱাব লাগে। কাৰণ বলধ গৰুক নন্দী ৰূপ বুলি কোৱা হয়। গতিকে আপুনি যদি শাওণ মাহত বলধ গৰুক ঘাঁহ খুৱাই, তেতিয়া মহাদেৱ অতি সহজতে সন্তস্ত হয় আৰু আপোনাৰ মনৰ কামনা অতি শীঘ্ৰে পুৰণ কৰে।

Exit mobile version