Site icon Guwahati Times

শাওণ মাহৰ তাৎপৰ্য্য জানো আহক…

হিন্দু ধৰ্মত শাওণৰ মাহটোৰ এক বিশেষ মৰ্য্যদা আছে। শাওণ মাহক অতি প্ৰবিত্ৰ মাহ বুলি গণ্য কৰা হয়।

শাওণ মাহৰ প্ৰতিটো সোমবাৰ প্ৰবিত্ৰ আৰু ফলদায়ী ব্ৰটৰ উচিত সময় বুলি গণ্য কৰা হয় যদিও প্ৰকৃততে শাওণ মাহৰ প্ৰতিটো দিনেই ব্ৰট পালনৰ বাবে উত্তম হয়।

হিন্দু ধৰ্মত শাওণৰ মাহটো ব্ৰট পালন কৰা মাহ বুলিও জনা যায়।এই সময়চোৱাত ভক্তসকলে নিজ নিজ সাধ্য অনুসাৰি ব্ৰট ধাৰণ কৰি মহাদেৱৰ আৰ্শীবাদ লাভ কৰিব পাৰে। পৌৰাণিক কথা অনুসৰি দক্ষ ৰজাৰ জীয়ৰী সতীৰ দেহ ত্যাগৰ পাছত পুনৰ পাৰ্বতী ৰূপত জন্ম গ্ৰহণ কৰি এই শাওণ মাহতে মহাদেৱৰ স্বামী ৰূপে পাবলৈ কঠুৰ ব্ৰট ধাৰণ কৰিছিল।

শাওণ মাহ হৈছে, মহাদেৱৰ প্ৰিয় মাহ। পৌৰাণিক আখ্যানত বৰ্ণিত অনুসৰি এই শাওণ মাহত ব্ৰট ধাৰণ কৰি মাতা পাৰ্ৱতীয়ে মহাদেৱক স্বামী ৰূপে লাভ কৰিছিল।আৰু সেই বাবেই,বিশেষ কৈ শাওণ মাহৰ সোমবাৰ কেইটা মহাদেৱৰ নিমিত্তে ব্ৰট পালন কৰা সকলে, নিজৰ বাবে উপযুক্ত বৰ প্ৰাপ্ত বা উপযুক্ত জীৱন সংগী লাভ কৰে। ( Religious Studies )

আন এক আখ্যান অনুসৰি,শাওণ মাহতেই সমুদ্র মন্থন হৈছিল।আৰু এই সমুদ্র মন্থনৰ পৰা নিৰ্গত হোৱা বিষ যাক হলাহল বিষ নামে জনা যায়। সংসাৰ আৰু সৃষ্টি ৰক্ষাৰ নিমিত্তে মহাদেৱে সেই হলাহল বিষ পান কৰিছিল। হলাহল বিষৰ তীব্ৰতা ইমানে বেছি আছিল যে, স্বয়ং মহাদেৱৰ কন্ঠও নীলা হৈ পৰিছিল। সেইবাবেও শাওণ মাহত নীলকণ্ঠ মহাদেৱৰ পূজা অৰ্চনা কৰিলে সকলো ধৰণৰ বিপদ বিঘিনীৰপৰা হাত সাৰি থাকিব পাৰি বুলি লোকবিশ্বাসত প্ৰচলিত।

জ্যোতিষিত চন্দ্ৰগ্ৰাহক, মনকাৰক গ্ৰহ হিচাপে গণ্য কৰা হয়।শাওণৰ মাহটি জ্যোতিষ দৃষ্টিৰে চন্দ্র গ্ৰহৰ চন্দ্র গ্ৰন্থক প্ৰতিনিধিত্ব কৰে। মহাদেৱে নিজে জটাত চন্দ্রগ্ৰহক ধাৰণ কৰে। মহাদেৱক শাওণ মাহত পূজা দিলে, মনৰ অস্থিৰতা, চঞ্চলতা, আদি আৱেগবোৰৰ ওপৰত নিয়ন্ত্রণ ৰাখিব পাৰি।

হিন্দু ধৰ্ম শাস্ত্রত শাওণ মাহত মহাদেৱৰ পূজা অৰ্চনা কৰাৰ উত্তম সময় বুলি গণ্য কৰা হয়। লগতে এই মাহত ব্ৰট ধাৰণ কৰি উপবাসে থাকিলে নিজৰ মনৰ অভিষ্ট সিদ্ধি হয়।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Exit mobile version