Site icon Guwahati Times

শিলসাঁকোৰ উচ্ছেদিতলৈ ক্ষতিপূৰণৰ ধন মুকলি জিলা প্ৰশাসনৰ

শিলসাঁকো বিলত উচ্ছেদিত সকলৰ বাবে শুকুৰবাৰে কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ পুঁজিৰ এককালীন সাহাৰ্য আৱণ্টন দিয়া হৈছে। এই আৱণ্টিত ধন মুকলাই দিছে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ তথা জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই ৷

প্রথম পৰ্যায়ত ৭৫লাখ টকাৰ সাহাৰ্য আৱণ্টন জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ। এই ক্ষেত্ৰত উচ্ছেদিত ৫টা আৰ চি চি ঘৰৰ প্ৰতিটোৰে বাবদ ১০লাখ টকাকৈ আৰু ৫টা অসম আৰ্হিৰ ঘৰৰ প্ৰতিটোৰে বাবদ ৫লাখ টকাকৈ দিয়া হ’ব বুলি জানিব পৰা গৈছে৷ প্ৰথম পৰ্যায়ৰ সাহাৰ্য বিতৰণ সম্পূৰ্ণ হলেই দ্বিতীয় পৰ্যায়ৰ টকা মুকলাই দিয়া হ’ব বুলি জানিবলৈ দিছে বিভাগটোৱে।

Exit mobile version