Site icon Guwahati Times

শিৱলিঙ্গত কি বা কেনেধৰণৰ বস্তু অৰ্পণ কৰিলে মনোকামনা পূৰ্ণ হয়

প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক ক’বলৈ উলাইছোঁ ভগৱান শিৱৰ পূজাৰ কৰোঁতে কি কি ৫টা ভুল কৰিব নালাগে আৰু কি সেইটো বিশেষ বস্তু যিটো আপোনালোকে শিৱলিঙ্গত অৰ্পণ কৰিলে আপোনাৰ বা আপোনালোকৰ মনোকামনা সোনকালেই পূৰ্ণ হয়। (Religious Studies)

শিৱলিঙ্গত গাখীৰ,বেলপাত আৰু ফুল অৰ্পণ কৰিব লাগে বুলি সকলোৱে জানে। কিন্তু আমি যদিটো বিশেষ বস্তুৰ বিষয়ে কম সেইটোৰ বিষয়ে বহুতে নাজানে।এই বস্তুটো বহুত সৰু আৰু আপোনালোকৰ ঘৰতো থাকে।

যি হ’লেও ভগৱান শিৱৰ ওচৰত ভুলতো এই পাচঁটা বস্তু নথ’ব। নহ’লেবা আপোনালোকৰ ওপৰত ভগৱান শিৱ ক্ৰোধিত হৈ পৰিব। কিছুমান মানুহে ঘৰত শিৱলিঙ্গৰ স্থাপিত কৰে ।কিন্তু নজনাকে তেওঁলোকে ভুল কৰে। শিৱলিঙ্গৰ ওচৰত বেয়া বা লেটেৰা বস্তু থব নালাগে। মানুহেও নিজৰ ওচৰত বেয়া বা লেটেৰা বস্তু থ’লে বেয়া পায় আৰু খঙ কৰে। মহাদেৱক দেৱতাৰো দেৱ বুলি কোৱা হয়।

১.য’ত শিৱলিঙ্গ বা মহাদেৱৰ কিবা বস্তু থোৱা হয় তালে ভুলতেও চেন্দেল আৰু জোতা লৈ যাব নালাগে। এইবোৰ কৰিলে মহাদেৱ ক্ৰোধিত হৈ পৰে আৰু আপুনি পাব লগা ক্ষণ নষ্ট হৈ যায়। সেই কাৰণে মন্দিৰলৈ খালি ভৰিয়ে দিয়ে যাব লাগে।

২.মাহেকীয়া মহিলাসকলে কেতিয়াবা আনৰ পৰা লোকোৱাই পূজা পাত কৰে যিটো শাস্ত্ৰত বৰ্জিত কৰা আছে।এই সময়ত মহিলাসকলে জানিও নজনা ভাওঁ ধৰিব নালাগে। মাহেকীয়া মহিলাসকলে কেতিয়াও ঘৰত বা বাহিৰত থকা মন্দিৰলৈ যাব নালাগে। ধৰ্মীয় যাত্ৰা বা তুলসীটো পানী দিব নালাগে। ভগৱান ক্ৰোধিত হ’লে ঘৰলৈ সমস্যা আহি পৰে।

৩. শাস্ত্ৰৰ অনুসৰি য’ত শিৱলিঙ্গ আছে তাতে সকলো শক্তি সক্ৰিয় হৈ থাকে।ঘৰত শিৱলিঙ্গ থাকিলে ব্যক্তিয়ে সদায়ে শিৱৰ আশীৰ্বাদ পাই।শিৱলিঙ্গত সদায় জল পৰি থাকিব লাগে। কিছুমান মানুহে ঘৰত শিৱলিঙ্গ ৰাখে কিন্তু সপ্তাহত এবাৰহে তাত জল অৰ্পণ কৰে।যিটো ভাল নহয়।যদি আপোনালোকে জল অৰ্পণ কৰিব নোৱাৰে তেতিয়া ঘৰত শিৱলিঙ্গ নাৰাখিব। ইয়াৰ দ্বাৰা ঘৰৰ বিনাশ হয়।

৪.শাস্ত্ৰৰ অনুসৰি তুলসী আৰু শিৱলিঙ্গ একেলগে থব নালাগে।লগতে গণেশৰ মূৰ্তি ও। কিছুমান মানুহে নাজানি শিৱলিঙ্গ তুলসীত থৈ দিয়ে।যাৰ ফলত ঘৰলৈ সমস্যা আহে। শিৱলিঙ্গত তুলসী পাত অৰ্পণ কৰিব নালাগে।(Religious Studies)

৫.ঘৰৰ মন্দিৰ বা বাহিৰৰ মন্দিৰত এনেকুৱা ব্যক্তি যাব নালাগে যিয়ে স্ত্ৰীৰ লগত সম্পৰ্ক কৰি গা ধোৱা নাই। এনেকুৱা কৰিলে মহাদেৱ ক্ৰোধিত হৈ পৰে। মাংস মাছ খোৱা মানুহেও মন্দিৰলৈ যাব নালাগে।

শিৱলিঙ্গত কি বা কেনেধৰণৰ বস্তু অৰ্পণ কৰিলে মনোকামনা পূৰ্ণ হয় জানো আহঁক-

১.বেলৰ গুটি অৰ্পণ কৰিলে ব্যক্তি নিৰোগী হৈ পৰে আৰু সৰ্বসিদ্ধি প্ৰাপ্ত কৰে । তেওঁলোকৰ জীৱনটো সুখেৰে ভৰি পৰে।এটা বেলৰ গুটি অৰ্পণ কৰিলে হাজাৰ বেলপাত অৰ্পণ কৰা কাম কৰে। কষ্টকৰ পৰিস্থিতিৰ পৰা উলাই আহিবলৈ আপোনালোকে শিৱলিঙ্গত বেলৰ গুটি অৰ্পণ কৰিব লাগে।

২.মদাৰ ফুল।মদাৰ ফুল ভগৱান শিৱয়ে বহুত ভাল পাইছিল আৰু মদাৰ গছক মহাকালীয়েও বহুত ভাল পায়।এইফুল শিৱলিঙ্গত অৰ্পণ কৰিলে সোনকালেই মনোকামনা পূৰ্ণ হয় ।যদি আপোনালোকৰ কিবা কাম ৰখি আছে বা কিবা মনোকামনা পূৰ্ণ হোৱা নাই তেতিয়া আপোনালোকে ১১দিন মদাৰৰ ফুল শিৱলিঙ্গত অৰ্পণ কৰিব লাগে।

ইয়াৰ লগতে এটা মন্ত্ৰ আপোনালোকে মনত ৰাখক যিটোৱে সুখ-সমৃদ্ধি কঢ়িয়াই আনে।এই মন্ত্ৰটো হ’ল ওম: নমো ভগৱতে ৰুদ্ৰাই।এই মন্ত্ৰটো যিয়ে সদায় ১১বাৰ জাপ কৰে তেওঁলোকৰ জীৱনটো সুখৰে ভৰি পৰে। ভগৱান শিৱৰ ভক্তসকলে কেতিয়াও কষ্টলে ভয় নকৰে। যদি ১১বাৰ এই মন্ত্ৰটো জাপ কৰিব নোৱাৰে যিমান পাৰে শুৱাৰ আগতে কৰিব লাগে আৰু শুই উঠি কৰিব লাগে। তাৰ পাছত চাব আপোনালোকৰ জীৱনলৈ একো কষ্ট নাহে।মদাৰ গছত গাখীৰ ধালি এই মন্ত্ৰটো জাপ কৰিলেও আপোনালোকৰ মনোকামনা সোনকালেই পূৰ্ণ হয়।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Exit mobile version