Site icon Guwahati Times

শ্বাসৰুদ্ধকাৰী ঘটনা! ফোনকল উঠোৱাৰ লগে লগে মহিলাৰ বেংক একাউণ্ট খালী!

এগৰাকী মহিলাই তেওঁৰ স্মাৰ্টফোনত অচিনাকি নম্বৰৰ পৰা ফোনকল লাভ কৰে। মোবাইলটো তুলি লৈ তেওঁ মাত্ৰ সুধিছে– কোন? তাৰ পৰা কিছু শব্দ আহে আৰু এই কথা-বতৰা প্ৰায় ২০ ছেকেণ্ডলৈকে চলি থাকে। যেতিয়া মহিলাগৰাকীয়ে বুজি পায় যে সেইটো এটা ৰং নম্বৰ, তেওঁ ফোনকলটো ডিচকানেক্ট কৰিবলৈ চেষ্টা কৰে। কিন্তু কলটো ডিচকানেক্ট নহয়, তাৰ পৰিৱৰ্তে এটা মেছেজ আহে– বেংক একাউণ্টৰ পৰা ১ টকা কৰ্তন কৰা হৈছে…. মহিলাগৰাকীয়ে কথাটো চিন্তা কৰিবলৈ লওঁতেই আন এটা বাৰ্তা আহে যে একাউণ্টৰ পৰা ৯৯৯৯৯ টকা কৰ্তন কৰা হৈছে। আজিৰ তাৰিখত ভুক্তভোগী মহিলাগৰাকীয়ে নিজৰ ধন ঘূৰাই পাবলৈ বেংকত ঘূৰি ফুৰিছে…। হয় এই ঘটনা শেহতীয়াকৈ ইউ পিৰ আলিগড়ত বাস কৰা এগৰাকী মহিলাৰ সৈতে সংঘটিত হৈছে।

অনলাইন প্ৰৱঞ্চনাৰ এয়া প্ৰথম ঘটনা নহয়, এনে বহু ঘটনা প্ৰতিদিনে সংঘটিত হৈ আছে। আমাৰ ৰাজ্যতো এনে ঘটনা ঘটি আছে, ইয়াৰে কিছুমান ঘটনাৰ বিষয়ে সংবাদ মাধ্যমযোগে জানিবলৈ পোৱা যায়। সেয়ে কালি অসম আৰক্ষীয়ে গুৱাহাটীৰ বিভিন্ন স্থানত চাইবাৰ অপৰাধী আৰু ভুৱা কল চেণ্টাৰৰ বিৰুদ্ধে অভিযান চলাইছে।

প্ৰায়ভাগ অনলাইন প্ৰৱঞ্চনাতকৈ অৱশ্যে এই ঘটনাটো পৃথক। কাৰণ মহিলাগৰাকীয়ে কোনো লিংকত ক্লিক কৰা নাছিল বা ফোনত কোনো গোপন অ’টিপি বা ক’ড কাকো কোৱা নাছিল, তথাপি তেওঁৰ একাউণ্টৰ পৰা ধন কেনেকৈ কৰ্তন কৰা হ’ল? কিয় এনেকুৱা হ’ল।

 

Exit mobile version