Site icon Guwahati Times

সংকটমুক্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

বৰ্তমান সংকটমুক্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত দুদিন পূৰ্বে ভৰ্তি কৰা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। তাৰপাছত মঙলবাৰে সংকটমুক্ত হোৱা কথা জানিবলৈ দিয়ে তেওঁৰ চিকিৎসা কৰা চিকিৎসকৰ দলটোৱে।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী বৰ্তমান ইনভেছিভ ভেন্টিলেটৰৰ পৰা বাহিৰলৈ অনা হৈছে বুলি জানিবলৈ দিয়ে চিকিৎসকৰ দলটোৱে। অৱশ্যে তেওঁক পৰৱৰ্তী ২৪ ঘন্টা নিৰীক্ষণত ৰাখিব চিকিৎসকে। উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পাছত যোৱা ২৫ অক্টোবৰ, ২০২০ত চিকিৎসালয়ৰ পৰা বাসগৃহলৈ উভতিছিল তৰুণ গগৈ।

Exit mobile version