Site icon Guwahati Times

সন্তানক হত্যা কৰিও গোপনে ৰাখিব নোৱাৰিলে পৰকীয়া প্ৰেম!

চাদৰ পৰা ৰাস্তাত সৰি পৰিল ৩ বছৰীয়া সন্তান। দুদিন হাস্পতালত মৃত্যুৰে যুঁজ শিশুটিৰ। কিন্তু তাৰপাছতো শেষ ৰক্ষা নহ’ল। চিকিৎসালয়তে কৰুণ মৃত্যুক সাৱতি ল’লে ৩ বছৰীয়া শিশুটিয়ে। সন্তানৰ মৃত্যুত ভাগি পৰিল পিতৃ-মাতৃ। অসহনীয় পুত্ৰশোকত দগ্ধ হৈ বাকৰূদ্ধ হৈ পৰিল পিতৃ। বিপৰীতে দিনৰ পাছত দিন উজাগৰী নিশা কটাব লগা হ’ল মাতৃয়ে।
এখন্তেকো টোপনি নহা হ’ল মহিলাৰ। চকুৰ পতা জাপ খালেই মহিলাই দেখিবলৈ ল’লে ভয়ংকৰ সপোন। সপোনতে মাতৃক প্ৰাণ ভিক্ষা কৰিবলৈ ল’লে মৃত সন্তানে। লাহে লাহে দিঠকতো আমনি কৰিবলৈ ল’লে চাদৰ পৰা পৰি মৃত্যুমুখত পৰা সন্তানটিয়ে। অৱশেষত ধৈৰ্যৰ সীমা হেৰাই গ’ল মহিলাৰ। থানাৰ পৰা দিনটোৰ দায়িত্ব সামৰি ঘৰ পোৱা মাত্ৰকে আৰক্ষী স্বামীক চাঞ্চল্যকৰ স্বীকাৰোক্তি দিলে মহিলাই। অকপটে স্বীকাৰ কৰিলে ৩ বছৰীয়া সন্তানক হত্যা কৰাৰ কথা।

মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ ঘটনা। ৩ বছৰীয়া সন্তানৰ সৈতে সুখৰ সংসাৰ আছিল আৰক্ষী বিষয়া ধ্যান সিংহ আৰু জ্যোতি ৰাথোৰৰ। কিন্তু পত্নীৰ পৰকীয়া প্ৰেমে আউল লগালে ধ্যান সিংহৰ সংসাৰত। স্বামী থানালৈ যোৱাৰ পাছতেই প্ৰতিবেশী উদয় ইন্দোলিয়াৰ সৈতে জমি উঠিল জ্যোতিৰ প্ৰেম। ৩ বছৰীয়া সন্তানক প্লে স্কুলত থৈ ইজনে সিজনৰ প্ৰেমত মজি গ’ল দুয়ো। আনফালে ঘৰত পত্নীয়ে অকলে থাকি আমনি পোৱা বুলি ভাবি আৰক্ষী বিষয়া ধ্যান সিংহই পৰিকল্পনা কৰিলে এখন দোকান খোলাৰ। পত্নীক ব্যস্ত ৰাখিবলৈ খুলিবলৈ লোৱা দোকানখনৰ শুভাৰম্ভণি কৰাৰ দিনাই আছম্বিতে ঘটি গ’ল অঘটন।

দোকান মুকলিৰ অনুষ্ঠানত আমন্ত্ৰিত হৈছিল উদয় ইন্দোলিয়াও। পূজা-পাতল চলি থকাৰ মাজতে এসময়ত চাদলৈ আঁতৰি গৈছিল উদয় ইন্দোলিয়া। ক্ষন্তেক পাছত সুযোগ বুজি জ্যোতি ৰাথোৰো উপস্থিত হ’লগৈ ঘৰৰ চাদত। অকলশৰীয়াকৈ এজনে সিজনক পাই বলিয়াৰ দৰে হ’ল জ্যোতি আৰু উদয়। মুহূৰ্ততে ঘনিষ্ঠ হৈ উঠিল দুয়োজন। চাদতে শাৰীৰিক সম্পৰ্কতো লিপ্ত হ’ল দুয়ো। তেনেতে মাকক বিচাৰি চাঁদ পালেহি ৩ বছৰীয়া সন্তান। মাকক উদয়ৰ সৈতে সেই অৱস্থাত দেখি হাহাকাৰ লগালে হাতত মোবাইল লৈ ডাঙৰ হোৱা সন্তানটিয়ে। বহু বুজায়ো ক্ষান্ত কৰিব নোৱাৰি মাতৃয়ে নিজ হাতে ঠেলি পেলাই দিলে পুত্ৰক। কেইমুহূৰ্তমানৰ পাছত তলৰ ৰাস্তাত সৰি পৰিল ৩ বছৰীয়া নিষ্পাপ শিশুটি।

যোৱা ২৮ এপ্ৰিলত সংঘটিত হৈছিল এই বীভৎস ঘটনাটো। সন্তানক হত্যা কৰাৰ চাৰে ৪ মাহৰ পাছত স্বীকাৰোক্তি দিবলৈ বাধ্য হ’ল মাতৃয়ে। আৰক্ষী স্বামীক দিয়া ভাষ্যৰ পাছতে এতিয়া কাৰাগাৰৰ বন্ধ কুঠৰীত থাকিব লগা হৈছে ২ পৰকীয়া প্ৰেমিক জ্যোতি ৰাথোৰ আৰু উদয় ইন্দোলিয়া। পৰকীয়া প্ৰেমৰ পৰিণতিত ৩ বছৰীয়া সন্তানক হত্যা কৰি মাতৃয়ে জে’লৰ ভাত খোৱা বাতৰিত হতচকিত দেশবাসী।

Exit mobile version