Site icon Guwahati Times

সন্ন্যাসী হৈ ধৰ্মৰ বাবে অভিনয় জগত ত্যাগ কৰিব দক্ষিণৰ মোহময়ী অভিনেত্ৰী ছাই পল্লৱীয়ে!

দক্ষিণৰ মোহময়ী অভিনেত্ৰী ছাই পল্লৱীক কোনে চিনি নাপায়। তেওঁৰ আবেদনময়ী চেহেৰাই বহু যুৱকৰ হৃদয় জয় কৰিছে। তেওঁ মালয়ালম, তামিল, তেলেগু উদ্যোগৰ অন্যতম প্ৰিয় অভিনেত্ৰী। ২০২২ চনত মুক্তি পোৱা গাৰ্গী ছবিখনত পল্লৱীক অন্তিমবাৰৰ বাবে দেখা গৈছিল, য’ত তেওঁ এক অসাধাৰণ অভিনয় কৰি সকলোকে স্তম্ভিত কৰি পেলাইছিল।

অনুৰাগীসকলে তেওঁৰ পৰৱৰ্তী ছবিৰ বাবে অপেক্ষা কৰি আছে, কিন্তু তেওঁ এতিয়াও তেওঁৰ ভৱিষ্যতৰ প্ৰজেক্টৰ কথা ঘোষণা কৰা নাই। কেইসপ্তাহমানৰ আগতে উৰাবাতৰি ওলাইছিল যে ছাই পল্লৱীয়ে নিজৰ চিকিৎসা কেৰিয়াৰত গুৰুত্ব দিবলৈ ছবি এৰি দিয়াৰ পৰিকল্পনা কৰিছে আৰু লগতে কইম্বাটুৰত নিজাকৈ চিকিৎসালয় নিৰ্মাণ কৰাৰ ইচ্ছাও প্ৰকাশ কৰিছে। যদিও পল্লৱীৰ পৰা একে কথাৰ কোনো আনুষ্ঠানিক নিশ্চয়তা পোৱা নগ’ল।

কিন্তু পুনৰ আন এক গোজৱ উলাইছে যে অভিনয় জগত এৰিব৷ শেহতীয়াকৈ তেওঁক কিছু ধৰ্মীয় ৰীতি-নীতি অনুসৰণ কৰা দেখা গৈছে। কিন্তু হঠাতে চাই পল্লৱীক বগা পোছাকত দেখি নেট জগতত চৰ্চা চলে যে ধৰ্মৰ বাবে অভিনয় জগতৰ পৰা আঁতৰিছে৷

শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীক দক্ষিণ ভাৰতীয় ধৰ্মীয় ৰীতি-নীতি হেটাই হাবাবাত অংশগ্ৰহণ কৰা দেখা গৈছিল। ছাই পল্লৱীয়ে অভিনয় এৰি যোৱাৰ এই অনুমান তীব্ৰতৰ হৈছে। অৱশ্যে এই কথা এতিয়াও স্পষ্ট নহয়। ইপিনে পুস্পা-২ ত ৰশ্মিকা মান্ধানাৰ চৰিত্ৰত ছাই পল্লৱীক দেখা যাব বুলিও খবৰ পোৱা গৈছে।

Exit mobile version