সাৱধান, অতিমাত্ৰা গেষ্ট্ৰিকৰ সমস্যা হৈ পৰিব পাৰে চিন্তাৰ কাৰণ, কেঞ্চাৰো হ’ব পাৰে
অতিমাত্ৰা গেছৰ সমস্যা আছে যদি সাৱধান হ’ব। কিয়নো অতিমাত্ৰা গেছে পাছলৈ আলছাৰৰ সমস্যা কৰে। যি আলছাৰ পাছলৈ গৈ কেঞ্চাৰতো পেলায় কেতিয়াবা। তাৰোপৰি এচিডে ক্ষয় কৰিব পেটৰ ছালৰো।
কেৱল খোৱা খাদ্যৰ বাবেই নহয়, কেতিয়াবা মানসিক চাপৰ বাবেও গেছৰ সমস্যা অধিক হোৱা দেখা যায়। আৰু এইদৰে বৃদ্ধি পোৱা গেছৰ ফলত পেটত সৃষ্টি হয় কোৰ্টিশোল(ষ্ট্ৰেছ হৰমন), যি একপ্ৰকাৰৰ এচিড। আৰু এই ষ্ট্ৰেছ হৰমন অধিক হলে পেটৰ তৰপবোৰ ক্ষতি কৰিব ।
কিদৰে পৰিত্ৰাণ পাব এই সমস্যাৰ পৰা। অনিয়মিত খাদ্যভাস, অধিক মছলা যুক্ত খাদ্য, চাহ-কফি, মাদক দ্ৰব্য আদি সেৱনৰ ক্ষেত্ৰত ঠিকে ৰখাৰ লগতে মানসিক চাপ হ্ৰাস কৰাৰ বাবে যোগাভ্যাস।
খাদ্য সদায়ে সময় মতে খাব। অধিক সময়লৈ খাদ্য নখোৱাকৈ থাকিলে পেটত এছিডৰ পৰিমান অধিক হৈ গৈ ই ক্ষতি কৰিব। সেয়ে নিৰ্দিষ্ট এক সময় ঠিক কৰি লৈ সেই সময়তেই খোৱাৰ বাবে চেষ্টা কৰিব।
অধিক মছলাযুক্ত খাদ্যৰ পৰা আঁতৰত থাকিব। এনে খাদ্য খাবলৈ সোৱাদলগা হলেও ই পেটৰ বাবে ক্ষতিকাৰক। মছলা থকা খাদ্যই পেটত অধিক গেছ উৎপন্ন কৰে।
চাহ-কফি আদি সাধাৰণতে ইয়াৰ মানুহৰ বাবে অতিকে প্ৰিয়। পাছে এই চাহ-কফি আদি অধিক মাত্ৰাত সেৱন কৰিলে আলছাৰৰ সৃষ্টি কৰে। কিয়নো ইয়াত কেফেইন নামৰ এক পদাৰ্থ থাকে যি হৈছে গেছৰ কাৰক।
Disclaimer: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে, সেয়েহে বিশদ জানিবলৈ সদায়ে এজন বিশেষজ্ঞৰ পৰামৰ্শ লওঁক।

