স্থগিত হ’ল ৰণবীৰ-দীপিকাৰ বিবাহ

1 min read

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ

স্থগিত হ’ল ৰণবীৰ-দীপিকাৰ বিবাহ

বলিউড তাৰকাৰ মাজত শেহতীয়াকৈ বিবাহৰ চৰ্চা চলি থকাৰ সময়তে ৰণবীৰ-দীপিকা অনুৰাগীৰ মাজলৈ আহিল এক দুখবৰ। স্থগিত হ’ল ৰণবীৰ-দীপিকাৰ বিবাহ।

২০১৮বৰ্ষৰ নৱেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত ইটালীত বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল ৰণবীৰ-দীপিকাৰ। আনকি বিবাহত মাত্ৰ ৩০ জন ব্যক্তি নিমন্ত্ৰণ কৰিব বুলিও সদৰী কৰিছিল বলিউডৰ ৰোমান্টিক যুটি ৰণবীৰ সিং আৰু দীপিকা পাডুকণে। অৱশ্যে কি কাৰণত ২০১৯ চনলৈ বাজিৰাও-মস্তানীৰ বিবাহ স্থগিত হ’ল সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই।

Entertainment desk, guwahati times

You May Also Like

More From Author