Site icon Guwahati Times

স্বৰ্গৰ মা লক্ষ্মী পৃথিৱীলৈ অহা ৰহস্য…

ধন সম্পদ, ঐশ্বৰ্য্য বিভূতি আদিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী। লক্ষ্মীক বৈকুণ্ঠত বিষ্ণুৰ সান্নিধ্যত মহালক্ষ্মী, ৰজাৰ গৃহত ৰাজ লক্ষ্মী, স্বৰ্গত স্বৰ্গপক্ষী, আৰু গৃহসকলৰ গৃহত গৃহ লক্ষ্মী হিচাপে পূজিত হৈ আহিছে। এই অধিষ্ঠাত্ৰী দেৱী গৰাকী স্বৰ্গৰ অধিপতি ইন্দ্ৰৰ ৰাজ্যত আছিল।(Religious Studies )

পৃথিৱীলৈ তেওঁ কেনেকৈ আহিল তাৰ কাহিনী এভাগি পোৱা যায়। ইতিহাস পুৰাণৰ মতে ঋষি দুৰ্বাসাই এবাৰ এধাৰীমালা ইন্দ্ৰক উপহাৰ দিছিল। দেৱৰাজ ইন্দ্ৰই ঋষিয়ে দিয়া মালাধাৰীৰ বিশেষ গুৰুত্ব নুবুজি তেওঁৰ বাহন ঐৰাৱতক মূৰত পিন্ধাই দিলে। ঐৰাৱতৰ পিঠিত উঠি ইন্দ্ৰ গৈ থাকোতে মালাধাৰী মাটিত পৰি গল আৰু হাতীয়ে গছকি পেলালে। মালাধাৰীৰ এনে ৰূপ দেখি দুৰ্বাসাই ইন্দ্ৰক লক্ষ্মীছাৰা হবলৈ অভিশাপ দিলে। তেওঁৰ মতে যিহেতু মই তোমাক দিয়া মালাধাৰী মাটিত দলিয়াই পেলাইছা, এই ধৃষ্টতাৰ কাৰণে তোমাৰ ৰাজ্য লক্ষ্মী শূন্য হব। তেতিয়া ইন্দ্ৰৰ দোষতে লক্ষ্মীয়ে স্বৰ্গৰাজ্য ত্যাগ কৰি সাগৰৰ তলিত আশ্ৰয় লয়

সৰগৰ লক্ষ্মীক ভগৱান বিষ্ণুৱে চাৰিওফালে বিচাৰি ফুৰে। শেষত লক্ষ্মী সাগৰৰ তলিত থকা গম পায় দেৱতা সকলক সমুদ্র মন্থন কৰিব দিয়ে। সমুদ্র মন্থনৰ সময়ত লক্ষ্মীয়ে আৰ্ৱিভাৱ হৈয়ে বিষ্ণুৰ বক্ষস্থলক আশ্ৰয়ৰ স্থল বুলি বাচনি কৰে। সেয়েহে বিষ্ণুৰ প্ৰতিটো অৱতাৰতে লক্ষ্মীয়ে নতুন নামেৰে অৱতাৰ ধৰি আহিছে। বিষ্ণুৰ ৰাম অৱতাৰত লক্ষ্মীয়ে দেৱী সীতা, কৃষ্ণৰ অৱতাৰত লক্ষ্মীয়ে ৰুক্মিণীৰ অৱতাৰ লোৱা বুলি কোৱা হয়। (সংগ্ৰহিত)।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Exit mobile version