Site icon Guwahati Times

সৰস্বতী পূজাত কোনখিনি সময়ত পূজা কৰিলে শিক্ষাৰ্থীৰ বাবে শুভ?

১৪ ফেব্ৰুৱাৰীত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। সৰস্বতী দেৱীৰ প্ৰতিমূৰ্তি নিৰ্মাণত ব্যস্ত এতিয়া মৃণ্ময় শিল্পীসকল। সৰস্বতী পূজাৰ দিনটোত সকলো শিক্ষাৰ্থীয়ে সৰস্বতী দেৱীক আৰাধনা কৰে। কিন্তু জ্যোতিষীৰ মতে সৰস্বতী পূজাৰ দিনা শিক্ষাৰ্থীয়ে বিশেষ কেইটামান কাম কৰিলে সুফল লাভ কৰিব। সেইদিনা শিক্ষাৰ্থীয়ে কি কি কৰিব লাগে সেই বিষয়ে জ্যোতিষী ড০ বুলী দেৱীৰ পৰা জানক।

জ্যোতিষী ড০ বুলী দেৱীৰ পৰামৰ্শ অনুসৰি সৰস্বতী পূজাৰ (Saraswati Puja 2024) দিনা পুৱা ৫ বাজি ৩৭ বজাৰ পৰা ৯ বাজি ৩৭ মিনিটৰ ভিতৰত পূজাখন আৰম্ভ কৰিলে ভাল হ’ব আৰু শিক্ষাৰ্থীসকলে পুৱা ৯ বাজি ৫০ মিনিটৰ পিছত যদি মাল্যাপণ কৰে বা সৰস্বতী দেৱীৰ চৰণত সেৱা লয় তেতিয়া বিশেষ সুফল লাভ কৰিব। শিক্ষাৰ্থীসকলে সেইদিনা বগা আৰু গোলপীয়া পোছাক পৰিধান কৰিলে শুভ ফল পাব। লগতে পুৱা যদি গংগা জল দি গা-ধোৱে আৰু দেহত কেঁচা হালধি লগাই তেতিয়াও বিশেষ শুভ ফল লাভ কৰিব।

ইয়াৰোপৰিও তেওঁ কয় যে, যিসকল শিক্ষাৰ্থীৰ স্মৃতি শক্তি দুৰ্বল তেওঁলোকে পূজা দিনা নিৰ্মালী হিচাপে পোৱা ফুল লগত ৰাখিলে সুফল লাভ কৰিব। ফুলখিনি কিতাপৰ মাজত নাইবা পঢ়া টেবুলত ৰাখিলে শুভ ফল পাব। লগতে তেওঁ কয় যে শিক্ষাৰ্থীসকলে সৰস্বতী দেৱীক আৰাধনা কৰাৰ পাছত সংকল্প লৈ ভালদৰে পঢ়া-শুনা কৰিব লাগিব। তেতিয়াহে এই বিশেষ কামখিনিৰ পৰা ইতিবাচক প্ৰভাৱ পৰিলক্ষিত হ’ব।

Exit mobile version