হাতত বন্দুক তুলি ল’বলৈ বাধ্য নকৰিবলৈ সকীয়নি গকুল বর্মনৰ

1 min read

‘হয় কমতাপুৰ প্রদান কৰক, নহ’লে আমাক গুলীয়াই মাৰক৷ আমি নিজৰ প্রাপ্য অধিকাৰ কাঢ়ি আনিব লাগিব৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্রাপ্য অধিকাৰৰ বাবে বহু সংগ্রাম কৰা হ’ল৷ বহু ধৈর্য ধৰা হ’ল৷ আৰু ধৈর্য নধৰোঁ৷ আমাক যাতে হাতত অস্ত্র তুলি ল’বলৈ বাধ্য নকৰে, তাৰ বাবে আমি সকলো পক্ষকে সকীয়াই দিছোঁ৷’ –এই সকীয়নি সদৌ অসম কোচ ৰাজবংশী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক গকুল বর্মনৰ৷

বাক্সা জিলা কোচ ৰাজবংশী ছাত্র সন্থাৰ উদ্যোগত আৰু তামুলপুৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থাৰ সহযোগত ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি তামুলপুৰৰ ঘগ্রা চ’কত অনুষ্ঠিত এক বিশাল গণ সমাৱেশত বর্মনে এই মন্তব্য আগবঢ়ায়৷ সংগঠনটোৰ বাক্সা জিলা সমিতিৰ সভাপতি কপিল দেৱ সিংহৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বর্মনে পুনৰ কয় যে জন্মলগ্ণৰে পৰা সদৌ অসম কোচ ৰাজবংশী ছাত্র সন্থাই কোচ ৰাজবংশী জনগোষ্ঠীৰ নিজৰ প্রাপ্য বিচাৰি, নিজৰ ৰাজ্য বিচাৰি, নিজৰ সাংবিধানিক অধিকাৰ বিচাৰি আন্দোলন কৰি আহিছে৷

তেওঁ কয়– যদিহে সদিচ্ছা আছে, তেন্তে কোচ ৰাজবংশী জনগোষ্ঠীক নির্বাচনৰ পূর্বেই জনজাতিকৰণ কৰাৰ ব্যৱস্থা কৰক৷ নেতাগৰাকীয়ে পুনৰ কয় যে কোচ ৰাজবংশীসকলৰ প্রথম পৰিচয় কোচ ৰাজবংশী, তাৰ পিছতহে অসমীয়া৷ আওচা, পাতানি, আনচা নাথাকিলে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক নহয়৷ সেয়েহে তেওঁ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্রতিটো পৰিয়ালতে জাতীয় পোছাক পৰিধান কৰাটো বাধ্যতামূলকবুলি মন্তব্য কৰে৷

বাক্সা জিলা কোচ ৰাজবংশী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক উপেন ৰয় আৰু তামুলপুৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থাৰ সভাপতি ভূমিধৰ দাসে আঁত ধৰা সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিএডি কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি কেশৱ ৰাজবংশীয়ে৷ পাঁচ সহস্রাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত অংশগ্রহণ কৰি সদৌ কোচ ৰাজবংশী ছাত্র সন্থাৰ উপ–সভাপতি ভৰত ৰাজবংশীয়ে কয়– অসমৰ ভিন্ন প্রান্তত সিঁচৰতি হৈ থকা কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক ৰজাৰ বংশধৰ৷ তাৰ পিছতো কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলৰ সমস্যা অনেক৷

Source:Asomiyapratidin

You May Also Like

More From Author