হাতীগাঁৱ: পথৰ দাঁতিত জাবৰৰ দ’ম …

0 min read

এজাক বৰষুণতেই গুৱাহাটী মহানগৰীত সৃষ্টি হয় কৃত্রিম বান৷ বাৰিষাৰ সময়ছোৱাত কৃত্রিম বানৰ কৱলত পৰি মহানগৰবাসীয়ে ককবকাবলগীয়া হয়৷ নলা–নর্দমাৰ পর্যাপ্ত পৰিমাণে পানী বৈ যাব নোৱাৰাৰ বাবেই এজাক বৰষুণতেই ৰাজপথত কেকাল পর্যন্ত পানী জমা হৈ যাতায়ত বিঘ্ণিত কৰাৰ লগতে বহু ব্যৱসায় প্রতিষ্ঠানত পানী সোমাই লাখ লাখ টকাৰসামগ্রী নষ্ট কৰে৷

মহানগৰীৰ অন্যতম সমস্যা হিচাপে বিবেচিত হোৱা কৃত্রিম বান ৰোধৰ বাবে গুৱাহাটী পৌৰ নিগমে বছৰৰ পাছত বছৰ ধৰিৰাজ কোষৰ কোটি কোটি টকা ব্যয় কৰি নলা–নর্দমা নিষ্কাষণ কৰাৰ সমান্তৰালকৈ মহানগৰবাসীৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে৷ ইয়াৰ পাছতো জোক বৰষুণত কৃত্রিম বানত প্লাৱিত হয় মহানগৰীৰ ন ন অঞ্চল৷ মহানগৰীত সঘনাই সৃষ্টি হোৱা এই কৃত্রিম বানৰ বাবে দায়ী কোন, প্রকৃততে চৰকাৰ প্রশাসনে বান নিয়ন্ত্রণত ব্যর্থ হৈছে কিয় এনে বহু প্রশ্ণ সততে উত্থাপিত হৈছে৷ এচাম লোকে পৌৰ নিগমে কৃত্রিম বান নিয়ন্ত্রণত ব্যর্থ বুলি একে মুখে কোৱাৰ বিপৰীতে একাংশই কৃত্রিম বান মানৱসৃষ্ট বুলি দাবী কৰিব বিচাৰে৷

স্মর্তব্য যে মহানগৰীৰ ৰাজপথত মুকলিভাৱে জাৱৰ পেলাই একাংশ লোকে পৰিৱেশ বিনষ্ট কৰিছে৷ গুৱাহাটী পৌৰ নিগমত তথা জিলা প্রশাসনৰ আহ্বানক আওকান কৰি কোংশ অসাধু ব্যৱসায়ীয়ে পথৰ দাঁতিত জাৱৰ দমাই থোৱাৰ উপৰি নলাত জাৱৰ দলিয়াই দিয়া পৰিলক্ষিত হৈছে৷ বিশেষকৈ মহানগৰীৰ হাতীগাঁও অঞ্চলত ডাষ্টবিনৰ বিপৰীতে পথৰ দাঁতিত অসাধু ব্যৱসায়ীসকলে পৰিৱেশ বিনষ্ট কৰিছে৷ হাতীগাঁও চাৰিআলিৰ পৰা মাত্র কেইমিটাৰমান দূৰত অজন্তা পথৰ মছজিদৰ সমীপত যোৱা প্রায় ১৫ দিন ধৰি দেখা গৈছে জাৱৰৰ দম৷ মূল পথৰ টো কার্লভাটৰ ওপৰত জাৱৰ দমাই থোৱাৰ ওপৰি একাংশ অসাধু ব্যৱসায়ীয়ে গেলা–পচা পাচলি, প্লাষ্টিক আদি উন্মুক্ত নলাত পেলাই পানী চলাচল বন্ধ কৰি পেলাইছে৷

পথৰ দাঁতিত পেলাই থোৱা জাৱৰ কুকুৰ–কাউৰীয়ে টানি ৰাজপথত সিঁচৰিত কৰিছে৷ ফলত এজাক বৰষুণত পথছোৱাৰে যাতায়তৰ ক্ষেত্রত স্থানীয় লোকে জমৰ যাতনা ভোগ কৰি আহিছে৷ তদুপৰি বোকা–আৱর্জনাৰে ভৰি পৰা নলা নর্দমাৰে পানী ওলাই যাব নোৱাৰাত এজাক বৰষুণতেই হাতীগাঁৱত কৃত্রিম বানৰ সৃষ্টি হয় বুলি স্থানীয় লোকে জানিবলৈ দিছে৷

You May Also Like

More From Author