Site icon Guwahati Times

হাৰ মনাৰ পিছত আকৌ ওলোটা খৰ ড’নাল্ট ট্ৰাম্পৰ, ক’লে – ময়েই জিকিছো আমেৰিকা নিৰ্বাচনত

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিক পাৰ্টীৰ জো বাইডেনৰ জয়ৰ পিছত পুনৰ এবাৰ ড’নাল্ট ট্ৰাম্পে টুইট কৰি বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। দেওবাৰে ট্ৰাম্পে নিজৰ পৰাজয় স্বীকাৰ কৰিছিল। তাৰ পিছতে পুনৰ টুইট কৰি ৰাষ্ট্ৰপতি নিৰ্বাচনত নিজৰ জয়ৰ দাবী কৰিছে ট্ৰাম্পে। ট্ৰাম্পে টুইটাৰত লিখিছে – ‘I WON THE ELECTION!’

ইয়াৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পে নিজৰ পৰাজয় স্বীকাৰ কৰি নিৰ্বাচন প্ৰক্ৰিয়াক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছিল। বাইডেনৰ জয় স্বীকাৰ কৰিলেও নিৰ্বাচনত খেলিমেলিৰ অভিযোগ কৰিবলৈ এৰা নাছিল। ট্ৰাম্পে কয় যে আমাৰ সংবিধানৰ সুৰক্ষাৰ বাবে তাক লৈ খেলা কৰাৰ অনুমতি কাকো দিয়া নাই। ট্ৰাম্পে কয় যে বিশ্বই সকলো দেখিছে।

 


পূৰ্বে ট্ৰাম্পে টুইট কৰি কৈছিল, ‘হয়, বাইডেন নিৰ্বাচনত জয়ী হৈছে কিন্তু নিৰ্বাচনত খেলিমেলি হৈছে। নিৰ্বাচনৰ সময়ত কোনো কাৰ্যকৰ্তা বা কোনো লোকক পৰ্যবেক্ষণৰ বাবে থকাৰ অনুমতি দিয়া হোৱা নাছিল।’ তেওঁ ডমিনিয়ন নামৰ কোম্পানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। ট্ৰাম্পে টুইট কৰি কয় যে বাইডেনে নিৰ্বাচন জিকিছে, কিন্তু ফেক মিডিয়াৰ দৃষ্টিত।

Exit mobile version