Site icon Guwahati Times

“হীৰেন গোহাঁইৰ দৰে মই ডুপ্লিকেট মানুহ দেখা নাই”: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত পুনৰ আৰম্ভ হব CAA বিৰোধী আন্দোলন ৷ CAA-ৰ বিৰুদ্ধে আন্দেলনৰ নেতৃত্ব ল’ব অসমৰ জনসাধাৰণে ৷ দুদিন পূৰ্বে এই মন্তব্য কৰিছিল বিশিষ্ট বুদ্ধিজীৱি হীৰেন গোহাঁয়ে। হীৰেন গোহাঁইৰ এনে মন্তব্যৰ পিছতে আক্ৰমণাত্মক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। “হীৰেন গোহাঁই এগৰাকী ডুপ্লিকেট মানুহ ৷ মোৰ ৫৫ বছৰীয়া জীৱন কালত মই তেওঁক কোনোদিন আন্দোলন কৰা দেখা নাই ৷ আন্দোলনৰ নামত মাথোন সমাজত ধূৱলি কুঁৱলি কৰিছে।”, বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

সংবাদ মাধ্যমৰ সন্মুখত হীৰেন গোহাঁইৰ বিষয়ে মন্তব্য কৰি সংবাদ মাধ্যমৰ সময় অপব্যয় কৰা বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ অৱশ্যে যেতিয়াই সমাজখন ধূৱলি কুঁৱলি হয় তেতিয়া হীৰেন গোহাঁই আমেৰিকালৈ উৰা মৰা বুলিও মন্তব্য কৰে ৷ “ৰাজ্যৰ অখিল গগৈ, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যকে আন আন সংগঠনে আন্দোলন কৰে সেয়া মানিব পাৰি ৷ কিন্তু হীৰেন গোহাঁই কোনো কাৰণত মানিব নোৱাৰি”, বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ “কি অখিল গগৈ, কি কংগ্ৰেছ বহু সময়ত চিধা হয় এওঁলোক ৷ কিন্তু হীৰেন গোহাঁই চিধা নহয়।”, বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বেও যেতিয়াই হীৰেন গোহাঁইৰ বিষয় আহি পৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এনে কেতবোৰ অদ্ভুত মন্তব্য কৰা পৰিলক্ষিত হয় ৷ বৃহস্পতিবাৰেও ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক বৈঠকৰ পাছতে সাংবাদিকে CAA আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে। বিশেষকৈ হীৰেন গোহাঁয়ে পুনৰ ৰাইজৰ উদ্যোগত আন্দোলন হ’ব বুলি মন্তব্য কৰা বুলি প্ৰশ্ন কৰা হৈছিল মুখ্যমন্ত্ৰীক ৷ পিছে, মুখ্যমন্ত্ৰীৰ এনে প্ৰশ্নৰ বিপৰীতে সম্পূৰ্ণৰূপে টাৰ্গেট কৰি ল’লে বিশিষ্ট বুদ্ধিজীৱিগৰাকীক।

Exit mobile version