Site icon Guwahati Times

হুকা পাৰ্লাৰত নিশা মুম্বাই আৰক্ষীৰ অভিযান, আটক কৰিলে ‘Bigg Boss17’ৰ খিতাপ দখল কৰা মুনাৱাৰ ফাৰুকীক

মঙলবাৰে নিশা মুম্বাই আৰক্ষীয়ে বিখ্যাত কমেডিয়ান মুনাৱাৰ ফাৰুকীক আটক কৰে। ‘বিগ বছ ১৭’ৰ খিতাপ দখল কৰিছিল কমেডিয়ান মুনাৱাৰ ফাৰুকীয়ে। মঙলবাৰে নিশা মুম্বাই আৰক্ষীয়ে ফ’ৰ্ট এলেকাৰ এখন হুকা পাৰ্লাৰত অভিযান চলাইছিল। আৰু এই অভিযানৰ সময়তে আৰক্ষীয়ে ১৪ জন লোকক আটক কৰে। আৰু এই আটকাধীন লোক কেইজনৰ ভিতৰত আছিল মুনাৱাৰ ফাৰুকীও। যদিও সেয়া জামিনযোগ্য অপৰাধ আছিল যদিও আৰক্ষীয়ে। মুনাৱাৰ ফাৰুকিক সোধা-পোছাৰ অন্তত জাননী প্ৰদান কৰি মুকলি কৰি দিয়ে। সম্প্ৰতি সমগ্ৰ বিষয়টোৰ তদন্ত কৰি আছে মুম্বাই আৰক্ষীয়ে।

Exit mobile version