হেজাৰ হেজাৰ বনভোজ যাত্ৰীৰে ডিমৌ নদীত উখল মাখল পৰিবেশ

1 min read

হেজাৰ হেজাৰ বনভোজ যাত্ৰীৰে ডিমৌ নদীত উখল মাখল পৰিবেশ ৷ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ সৈতে একাত্ম হ’ল বনভোজৰ দল ৷চিলাপথাৰ অঞ্চলৰ মাজেৰে অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা প্ৰতিকৃতিৰ নৈসৰ্গিক সৌন্দৰ্য্যৰে ভৰপুৰ ডিমৌ নদী পুনৰ প্ৰাণোচ্ছল হৈ পৰিল ৷

কোৰোনা সৃষ্ট পৰিবেশৰ কিছু উন্নত হোৱাৰ পিছত প্ৰকৃতিৰ কোলাত ক্ষনিক জীৰণি ল’বলৈ আহিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজৰ দল ৷ নামনি চিয়াং জিলাৰ লিকাবালিৰ সুউচ্চ পাহাৰৰ মাজেৰে নিৰবিচ্ছিন্ন ভাৱে বৈ অহা ডিমৌ নদীৰ বনভোজথলী আনন্দৰে ভৰি পৰিল ৷

যান্ত্ৰিক জীৱনৰ পৰা কিছু সময় ফালৰি কাটি লগ-সমনীয়া আৰু আত্মীয় স্বজনৰ সৈতে সমবেত হ’ল অজস্ৰ লোক ৷ গীতে মাতে ৰজনজনোৱা এক উৎসৱমুখৰ পৰিৱেশৰ মাজত নাচি বাগি স্ফুৰ্তি তামাচা কৰি এসাঁজ তৃপ্তিৰে সৌন্দৰ্য্যময়ী ডিমৌ নদীৰ সমীপত এসাজ খালে বনভোজৰ দল সমূহে ৷ বনভোজ খোৱাৰ অন্তত পেলনীয়া খাদ্য আৰু আবৰ্জনা আদি যতে ত’তে পেলাই প্ৰদূষণ সৃষ্টি নকৰিবলৈ বনভোজ যাত্ৰীৰ প্ৰতি স্থানীয় সচেতন যুৱকে আহ্বান জনায় ৷

Source: AsomiyaPratidin

 

You May Also Like

More From Author