Site icon Guwahati Times

১৩ মে’ত হুদুমপুৰ কুকুৰীয়া প্ৰাথমিক বিদ্যালয়ত আয়োজন

হুদুমপুৰ আঞ্চলিক সাংস্কৃতিক গোষ্ঠীৰ ব’হাগী উৎসৱ

পলাশবাৰী, ২৫ এপ্ৰিল : পলাশবাৰীৰ হুদুমপুৰ-আঞ্চলিক সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত ২২ সংখ্যক ব’হাগী উৎসৱ আন বেলিৰ দৰে এইবেলিও বর্ণাঢ্য কাৰ্যসূচীৰে হুদুমপুৰ কুকুৰীয়া প্ৰাথমিক বিদ্যালয় প্রাংগণত ১৩ মে’ত অনুষ্ঠিত হ’ব। ব’হাগী উৎসৱৰ সমূহ কাৰ্যসূচী পৰিচালনা কৰাৰ বাবে প্ৰবীণ কলিতাক সভাপতি, অনিল কলিতাক কাৰ্যকৰী সভাপতি, শিক্ষক অনিল কলিতা আৰু নৱ কলিতাক উপ-সভাপতি, বনজিৎ কলিতা (উৎপল) ক সাধাৰণ সম্পাদক, তাপস কলিতা আৰু দীপাংকৰ কলিতা (লুকু) ক সহঃ সাধাৰণ সম্পাদক, হেমেন কলিতা ,লাচিত কলিতা আৰু নয়ন কলিতাক সাংস্কৃতিক সম্পাদক হিচাপে লৈ উদযাপন সমিতি গঠন কৰাৰ লগতে কেইবাখনো উপ-সমিতি গঠন কৰা হৈছে। কাৰ্যসূচী অনুসৰি উক্তদিনা পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব সমাজসেৱক চন্দ্ৰধৰ কলিতাই। ৯ বজাত খেল-ধেমালি প্রতিযোগিতা, আবেলি ২ বজাত মুকলি ভেশচন প্রতিযোগিতা অনুষ্ঠিত হ’ব। সন্ধিয়া ৭ বজাত সাংকৃতিক মঞ্চ উদ্বোধন কৰিব যুৱ নেতা প্ৰণৱ কলিতাই। ইয়াৰ পিছত বন্তি প্রজ্বলন কৰিব সমাজসেৱক ললিত জৈন। নিশা জনপ্রিয় কণ্ঠশিল্পী মানস প্ৰতীম,চুমি কলিতা, মূৰ্চনা দাস আৰু ডিলাইট চান ডাউকা গীতৰ অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি প্ৰচাৰ সম্পাদক অভিজিৎ কলিতাই জানিবলৈ দিয়ে। ব’হাগী উৎসৱৰ সমূহ কাৰ্যসূচীত ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে।

-অভিজিৎ কলিতা, পলাশবাৰী ।

Exit mobile version