Site icon Guwahati Times

২০২১ বৰ্ষৰ নৱেম্বৰলৈ স্থগিত ২২ সংখ্যক উত্তৰ-পূৱ গ্ৰন্থমেলা

২২ সংখ্যক উত্তৰ পূৱ গ্ৰন্থমেলাৰ দিন ২০২১ চনৰ নবেম্বৰত অনুষ্ঠিত হ’ব। অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থা গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ নবেম্বৰ মাহৰ পৰিৱৰ্তে ২০২১ বৰ্ষৰ জানুৱাৰী-ফ্ৰেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল গ্ৰন্থমেলাখন।

গ্ৰন্থমেলাখনৰ উপদেষ্টা সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিহেতু ২০২১ৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত কোভিড-১৯ ৰ বাবে অংশগ্ৰহণকাৰীসকলে গ্ৰন্থমেলাত অংশ ল’বলৈ অনিচ্ছুক, সেয়ে আগন্তুক বৰ্ষৰ নবেম্বৰ মাহত অনুষ্ঠিত হ’ব গ্ৰন্থমেলাখন।

উল্লেখ্য যে, পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থা কোভিডৰ সকলো নীতি নিৰ্দেশনা মানি চলিত বৰ্ষৰ অক্টোৱৰ মাহত গ্ৰন্থমেলাখন অনুষ্ঠিত কৰাৰ বাবে শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছিল যদিও তেওঁৰ পৰা কোনো সঁহাৰি পোৱা নাছিল।পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থা এক বিবৃতিত কোৱা হৈছে যে, উপদেষ্টা সমিতিখনে গ্ৰন্থমেলাখন আয়োজন কৰিবলৈ চৰকাৰক বিত্তীয় সাহাৰ্যৰ বাবেও অনুৰোধ কৰিছে।

Exit mobile version