Site icon Guwahati Times

২০ এপ্ৰিলত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, এই ৪টা ৰাশিৰ ভাগ্য মুকলি হ’ব

চলিত বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ ২০ এপ্ৰিল বৃহস্পতিবাৰ। পুৱা ৭:০৪ বজাৰ পৰা আৰম্ভ হ’ব গ্ৰহণ আৰু নিশা ১২:২৯ বজালৈকে চলিব। গ্ৰহণৰ সময়ত সূৰ্য্য মেষ আৰু অশ্বিনী নক্ষত্ৰত থাকিব। বছৰৰ প্ৰথম সূৰ্যগ্ৰহণত ৪টা ৰাশিৰ সৌভাগ্য সলনি হ’ব, জীৱনৰ অভাৱ নহ’ব, দুয়োহাতেৰে ধন আহিব। লাকী লিষ্টত কোন আছে জানি লওক।

বৃষ ৰাশি – বিশাল ধন লাভৰ যোগ আছে। কামত হাত দিলে সফলতা লাভ কৰিব। আয় বহুগুণ বৃদ্ধি পাব। চাকৰিত পদোন্নতি পাব, ব্যৱসায়ত বিপুল লাভ পাব। নতুন চাকৰি এটা পাব পাৰে।

মিথুন ৰাশি – সকলো আৰ্থিক অসুবিধা দূৰ হব, টকা আহিব দুয়োহাতে। বিনিয়োগৰ বাবে এইটোৱেই উত্তম সময়। আপোনাৰ সঞ্চয়ও বৃদ্ধি পাব। পাৰিবাৰিক অস্থিৰতা দূৰ হ’ব, বৈবাহিক সম্পৰ্ক সুখী হ’ব। জীৱনত প্ৰেম আহিব পাৰে।

ধনু ৰাশি–বিপুল ধন পোৱাৰ যোগ আছে। চাকৰি আৰু ব্যৱসায়, দুয়োটাৰে উন্নতি হ’ব। সম্পত্তিৰ লাভৰ যোগ আছে। মাটি আৰু ঘৰ সম্পৰ্কীয় গোচৰসমূহ নিষ্পত্তি কৰা হ’ব। মাটি আৰু ঘৰ ক্ৰয়ৰ বাবে এই সময় শুভ। নতুন গাড়ী কিনাৰো যোগ আছে।

মীন ৰাশি – সকলো ঋণ পৰিশোধ হ’ব আৰু হাতত বহুত টকা আহিব। সঞ্চয় বাঢ়িব, বিনিয়োগ কৰিব পাৰিব। বিবাহযোগ্য মানুহৰ বিবাহ হ’ব পাৰে।

Exit mobile version