Site icon Guwahati Times

২২ জানুৱাৰীৰ দিনটোৰ কি বিশেষ মহত্ব আছে? কিহৰ বাবে ৰাম মন্দিৰৰ প্ৰাণপ্ৰতিষ্ঠাৰ দিন নিৰ্ধাৰণ কৰা হ’ল?

ত্ৰেতা যুগত জন্ম লাভ কৰা ভগৱান ৰামক বিষ্ণুৰ সপ্তম অৱতাৰ বুলি কোৱা হয়। মহাৰ্ষি বাল্মিকীৰ সংস্কৃত ৰামায়ণ আৰু তুলসীদাসৰ ৰামচৰিতমানস শ্ৰী ৰামৰ ভক্তিৰ সৈতে জড়িত গ্ৰন্থ হয়। এই কেইখন গ্ৰন্থত ভগৱান শ্ৰীৰামৰ মহিমাৰ কথা বৰ্ণনা কৰিছে। আৰু ভগৱান ৰামক অতি মৰ্যাদাপূৰ্ণ ব্যক্তি হিচাপে বুজাইছে।

২২ জানুৱাৰী সোমবাৰে অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰত ভগৱান ৰামললাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব। দেশবাসীয়েও এই বিশেষ দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে। ২২ জানুৱাৰীৰ দিনটোৰ ক্ষেত্ৰত অতি মহত্ব আছে। এতিয়া জানো আহক ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে ২২ জানুৱাৰীৰ দিনটো কিয় নিৰ্ধাৰণ কৰা হৈছে। কি বিশেষ মহত্ব আছে এই দিনটোত?

জ্যোতিষশাস্ত্ৰৰক অনুসৰি ত্ৰেতাযুগত ভগৱান ৰামৰ জন্ম অভিজিত মুহূৰ্তত হৈছিল। ২২ জানুৱাৰীৰ সোমবাৰৰ দিনটো মৃগশিৰা নক্ষত্ৰৰ অভিজিৎ মুহূৰ্তৰ সংযোগ পোৱা গৈছে। ২২ জানুৱাৰীৰ ১২ বাজি ১১ মিনিটৰ পৰা ১২ বাজি ৫৪ মিনিটলৈ অভিজিৎ মুহূৰ্ত থাকিব। এই কাৰণে ২২ জানুৱাৰীৰ দিনাখন ৰামললাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিন ধাৰ্য কৰা হৈছে। লগতে এইটো দিনত প্ৰভু ৰামললাক প্ৰাণ প্ৰতিষ্ঠাৰ লগতে শ্ৰীৰামৰ মূৰ্তি ভিতৰত বিৰাজমান হৈ থাকিব।

সনাতন ধৰ্মত যিকোনো শুভ কাম পঞ্চাং অনুযায়ী কৰা হয়, শুভ সময় দেখাৰ পিছতহে। ২২ জানুৱাৰী অনুসৰি মাঘ মাহ দ্ৱাদশী তাৰিখটো ৰামললাৰ প্ৰাণপ্ৰতিষ্ঠাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। এই বিশেষ তাৰিখটো সৰ্বাৰ্থ সিদ্ধি যোগ, অমৃত সিদ্ধি যোগ, ৰবি যোগ আদি বহুতো শুভ যোগৰ সৃষ্টি হৈছে। এই সময়ছোৱাত প্ৰাণ প্ৰতিষ্ঠাৰ শুভ সময় দিনৰ ১২.২৯ বজাৰ পৰা নিশা ১২.৩০ বজালৈ হ’ব। এই সময়ছোৱাত মৃগশিৰা নক্ষত্ৰ হ’ব।

Exit mobile version