Site icon Guwahati Times

২২ বছৰ বয়সতে PhD ডিগ্ৰী লাভ কৰা কোন এইগৰাকী অসাধাৰণ প্ৰতিভাসম্পন্ন ভাৰতীয় ছাত্ৰী

এগৰাকী বিস্ময়কৰ যুৱতী৷ ২২ বছৰ বয়সতেই তেওঁ লাভ কৰিলে PhD ডিগ্ৰী৷ তেওঁ দেশৰ কনিষ্ঠতম মহিলা গৱেষক৷ নাম নেইনা জয়ছোৱাল৷ ৮ বছৰত মাধ্যমিক, ১৫ বছৰত স্নাতকোত্তৰ আৰু ২২ বছৰত নেইনাই সম্পূৰ্ণ কৰিলে গৱেষণা। পঢ়া শুনাৰ লগতে নেইনা জয়ছোৱাল এগৰাকী সুদক্ষ খেলুৱৈও৷

দেশৰ কনিষ্ঠতম মহিলা গৱেষক হিচাপে স্বীকৃতি লাভ কৰিছে নেইনা জয়ছোৱালে। ভাৰতত এনে বহু লোক আছে যিয়ে বহু অসম্ভৱ কাম সম্ভৱ কৰি তুলিছে। যিয়ে পঢ়াশুনাৰ লগতে আন আন ক্ষেত্ৰতো যথেষ্ট সফলতা অৰ্জন কৰিছে। ভাৰতৰ তেনে এগৰাকী বিস্ময়কৰ ছোৱালী হৈছে নেইনা জয়ছোৱাল। অতি কম বয়সতে নেইনা জয়ছোৱালে সম্পূৰ্ণ কৰিছে তেখেতৰ উচ্চ শিক্ষা জীৱন।

যিগৰাকী ছোৱালীয়ে মাত্ৰ ২২ বছৰ বয়সতে গৱেষণা ডিগ্ৰী লাভ কৰি আন এক নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। নাইনা জয়ছৱাল দেশৰ কনিষ্ঠতম মহিলা গৱেষক। মাত্ৰ ২২ বছৰ বয়সতে তেওঁ phd ডিগ্ৰী লাভ কৰিছে। কেৱল সিমানেই নহয়। নাইনা জয়ছৱালে ক্ৰীডা ক্ষেত্ৰতো বিশেষ সফলতা অৰ্জন কৰিছে। নাইনাই ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত টেবুল টেনিছত কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এইগৰাকী ভাৰতীয় সন্তানৰ জন্ম হয় হায়দৰাবাদত। পিতৃ মাতৃয়ে বহু কম সময়তে অনুভৱ কৰিছিল যে নাইনাৰ এক অসাধাৰণ প্ৰতিভা আছে। লক্ষণীয় যে ভাৰতীয় শিক্ষাৰ ধাৰা অনুসৰি শিক্ষাৰ্থীয়ে ১৫-১৬ বছৰ বয়সত দশম শ্ৰেণীত উত্তীৰ্ণ হয়৷

নাইনা জয়ছৱালে মাত্ৰ ৮ বছৰ বয়সতে দশম শ্ৰেণীৰ দেওনা পাৰ কৰে। ১০ বছৰ বয়সত তেওঁ স্কুলীয়া যাত্ৰা অন্ত পেলাই মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। ১৩ বছৰ বয়সত সাংবাদিকতা আৰু গণসংযোগ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৫ বছৰ বয়সত হায়দৰাবাদৰ উচমানীয়া বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰে। এছিয়াৰ প্ৰথমগৰাকী স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ছাত্ৰী হিচাপে আন এক অভিলেখ গঢ়ে নাইনাই। সমান্তৰালকৈ মাত্ৰ ১৭ বছৰ বয়সৰ পৰাই তেওঁ গৱেষণাৰ কাম আৰম্ভ কৰে আৰু ২২ বৰ্ষত তেওঁ গৱেষণাৰ কাম সম্পূৰ্ণ কৰে। বৰ্তমান সমগ্ৰ বিশ্বজুৰি নাইনা জয়ছৱালৰ কাহিনী এক প্ৰেৰণা দায়ক হিচাপে পৰিগণিত হৈছে।

Exit mobile version