Site icon Guwahati Times

২৫ জুলাইলৈ হ’ব ধাৰাষাৰ বৰষুণ!

২৩ জুলাইৰ পৰা আগন্তুক ২৫ জুলাইলৈ অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত বিচ্ছিন্ন ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দেওবাৰে অৰ্থাৎ ২৩ জুলাইত নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে। এই ৰাজ্যসমূহত IMDএ হালধীয়া সতৰ্কতাৰে স্থানীয় বতৰৰ পৰিস্থিতিৰ বিষয়ে সজাগ হ’বলৈ আহ্বান জনাইছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, গুৱাহাটীৰ ৱেবচাইটৰ পৰা পোৱা তথ্য অনুযায়ী আজি ৰাজ্যৰ মুখ্য চহৰসমূহৰ সৰ্বোচ্চ তাপমান গুৱাহাটীত ৩৪ ডিগ্ৰী, শিলচৰত ৩৫ ডিগ্ৰী, গোৱালপাৰাত ৩২ ডিগ্ৰী, গোলাঘাটত ৩৩ ডিগ্ৰী, যোৰহাটত ৩৩ ডিগ্ৰী আৰু লখিমপুৰত ৩৩ ডিগ্ৰী হ’ব পাৰে।

Exit mobile version