Site icon Guwahati Times

২ হাজাৰো অধিক বিহু সমিতিলৈ চৰকাৰ ডেৰ লাখ টকাৰ সাহায্য…

আৰ্থিক সাহায্য প্ৰদান কৰা এই ২ হাজাৰ ১১৪ খন বিহু সমিতিৰ ভিতৰত গুৱাহাটীৰ বিহু সমিতি আছে ১২০ খন। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁৰ ভাষণত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে।

তাৰ ভিতৰত তেওঁ পহিলা জেঠৰ পৰা ৰাজ্যত কোনো বিহুৰ অনুষ্ঠান পাতিব নোৱাৰিব বুলি উল্লেখ কৰিছে। ইয়াৰ পৰিৱৰ্তে বিহু সমিতিয়ে অনুষ্ঠিত কৰিব পাৰিব অন্যান্য সাংস্কৃতিক অনুষ্ঠান। এই ক্ষেত্ৰত বিহু সমিতিসমূহক ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনাইছে।

আনহাতে বিহু সমিতিসমূহক তেওঁ চান্দা সংগ্ৰহ নকৰিবলৈও আহ্বান জনাইছে। চান্দাৰ পৰিৱৰ্তে হুঁচৰি মাৰিবলৈ তেওঁ আহ্বান জনাইছে। ইয়াৰোপৰি অসমীয়া ৰাইজক তেওঁ সাতবিহু পালনৰো আহ্বান জনাইছে। অহা বছৰৰ পৰা চৰকাৰৰ উদ্যোগতে সাত বিহু উদযাপন হ’ব বুলিও ঘোষণা কৰিছে।

বিহু মঞ্চত সুৰাপান সন্দৰ্ভতো এই অনুষ্ঠানত তেওঁ মন্তব্য প্ৰকাশ কৰিছে। বিহু মঞ্চত সুৰা সেৱন কৰি অনুষ্ঠান পৰিৱেশৰ ক্ষেত্ৰত বিহু সমিতিক বিশেষ নজৰ দিবলৈ আহ্বান জনাইছে।

Exit mobile version