Site icon Guwahati Times

৪৮ বছৰীয়া ৰাজা আৰু নাই।

চিৰিয়াখানাৰ আটাইতকৈ বয়সস্থ বাসিন্দা ৰাজাৰ আজি পুৱা মৃত্যু হয়। কিন্তু কোন এই ৪৮ বছৰীয়া ৰাজা? আচলতে ৰাজা আন কোনো নহয়,অসম ৰাজ্যিক চিৰিয়াখানাৰ আটাইতকৈ বয়সস্থ বাসিন্দাই হল ৰাজা নামৰ এই জলহস্তীটো।

১৯৭৪ চনত ৪ বছৰ বয়সত ৰাজাক আমেৰিকাৰ পৰা আনি অসম ৰাজ্যিক চিৰিয়াখানাত ৰখা হৈছিল। কিন্তু আজি বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় ৰাজাৰ। ৰাজাৰ মৃত্যুৰ পিছত এতিয়া ৫ টা জলহস্তী আছে চিৰিয়াখানাত। ইয়াৰে ৩ টা মতা আৰু ২ জনী মাইকী। ৰাজাক হেৰুৱাই শোক প্ৰকাশ কৰিছে চিৰিয়াখানা পৰিয়ালৰ লগতে ৰাজাক চোৱা চিতাৰ দায়িত্বত থকা পদ্ম বড়োৱে।

গুৱাহাটীৰ পৰা দিপাঞ্জলী শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Exit mobile version