৮ ডিচেম্বৰৰ কৃষকৰ ভাৰত বন্ধলৈ সমর্থন বিৰোধীৰ

0 min read

তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীৰে দেশ উত্তাল কৰি ৰখা প্রতিবাদী কৃষকে অহা ৮ ডিচেম্বৰত আহ্বান জনোৱা ভাৰত বন্ধলৈ সমর্থন জনাইছে বিৰোধী ৰাজনৈতিক দলসমূহে৷ কেন্দ্রীয় চৰকাৰৰ সৈতে তিনিবাৰকৈ বৈঠকত মিলিত হোৱাৰ পিছতো কৃষক সংগঠনসমূহে কৃষি আইন প্রত্যাহাৰৰ অটল স্থিতিত থকাত দেশজুৰি প্রতিদিনে বৃদ্ধি পাইছে প্রতিবাদ৷

নতুন দিল্লীৰ সীমান্তত কেইবালক্ষ কৃষকে সকলো পথ বন্ধ কৰি চলাই থকা প্রতিবাদৰ মাজতে ৮ ডিচেম্বৰত জনোৱা ভাৰত বন্ধত কংগ্রেছ, আম আদমী পার্টী, টি আৰ এছ, আৰ জে ডি, তৃণমূল কংগ্রেছ, বাঁওপন্থী দলসমূহে পূর্ণ সমর্থন জনাইছে৷ উক্ত দিনা কংগ্রেছে দেশজুৰি নিজৰ নিজৰ কার্যালয়ত কৃষকক সমর্থন জনাই প্রতিবাদ সাব্যস্ত কৰিব৷ আন বিৰোধী দলকেইটায়ো প্রতিবাদী কার্যসূচীত অংশ ল’ব৷

ইপিনে প্রতিবাদী কৃষকৰ আন্দোলনত সমর্থন জনোৱা কানাডাৰ প্রধানমন্ত্রী জাষ্টিন ট্রুডই দিল্লী চৰকাৰৰ গৰিহণা আৰু প্রতিবাদক আওকাণ কৰি আজিও দেশৰ কৃষক বিদ্রোহক সমর্থন জনাইছে৷ ইপিনে, দিল্লী সীমান্তলৈ প্রখ্যাত খেলুৱৈৰ পৰা চেলিব্রেটিলৈকে প্রতিবাদী কৃষকক সমর্থনৰ বাবে উপস্থিত হৈছে৷

You May Also Like

More From Author