Site icon Guwahati Times

৯ বজাৰ লগে লগে ৱেবচাইটত উপলব্ধ হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল, এটা ক্লিকত চাওক আপোনাৰ ফলাফল

ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। ৮টাকৈ ৱেবচাইট যোগে লাভ কৰিব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল।

https://ahsec.assam.gov.in https://www.results.shiksha , https://iresults.net , https://www.indiaresults.com , https://iresults.in , https://www.fastresult.in , https://assamjobalerts.com , https://www.assamresult.in , এইকেইটা ৱেবচাইটৰ জৰিয়তে লাভ কৰিব ফলাফল। আনহাতে এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত নাথাকে কোনো স্থানপ্ৰাপ্তৰ ব্যৱস্থা।

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। পূৰ্বৰ পৰম্পৰা ভংগ কৰি প্ৰথমবাৰৰ বাবে এইবাৰৰ ফলাফলত নাথাকে কোনো শীৰ্ষ স্থান। আজি ঘোষিত ফলাফল অনুসৰি কলা শাখাত ৮৯.১৮ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। বিজ্ঞান শাখাত ৮৯.৮৮ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বিপৰীতে বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে ৮৭.৮০ শতাংশ ছাত্ৰ-ছাত্ৰী।

তিনিওটা শাখাতে ২০২৩ বৰ্ষৰ তুলনাত এইবাৰ উত্তীৰ্ণৰ হাৰ যথেষ্ঠ উন্নত। ২০২৩ বৰ্ষত কলা শাখাত উত্তীৰ্ণ হৈছিল ৭০.১২ শতাংশ ছাত্ৰ-ছাত্ৰী। বিগত বৰ্ষত বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছিল ৮৪.৯৬ শতাংশ ছাত্ৰ-ছাত্ৰী। লগতে বিগত বৰ্ষত বাণিজ্য শাখাত উত্তীৰ্ণ হৈছিল ৭৯.৫৭ শতাংশ ছাত্ৰ-ছাত্ৰী।

Exit mobile version