Site icon Guwahati Times

ৰঙানদী! পেৰুৰ এই নদীখনৰ পানী তেজৰ দৰে ৰঙা, কাৰণ জানিলে আচৰিত হ’ব

দক্ষিণ আমেৰিকাৰ দেশ পেৰুত এনে খন নদী আছে, যাৰ পানীৰ ৰং তেজৰ দৰে ৰঙা। প্ৰতি বছৰে বহু পৰ্যটকে এই নদীখন চাবলৈ আহে। নদীখনৰ ৰঙা পানী দেখি যিকোনো লোকেই আচৰিত হ’ব। জানো আহক কিয় এই নদীখনৰ পানীৰ ৰং ৰঙা।

 

এই নদীখন পেৰুৰ সুস্কোত আছে। নদীখনক স্থানীয় লোকসকলে কয় পুকামায়ু। কেৱল বৰ্ষাকালত তেজৰ দৰে ৰঙা হয় নদীখন।

যি স্থানেৰে এই নদীখন প্ৰবাহিত হয়, সেই স্থান খনিজ পদাৰ্থৰে সমৃদ্ধ। সেইবাবে নদীৰ স্থানত আয়ৰন অক্সাইডৰ পৰিমাণ বহু বেছি।

বৰ্ষাকালত নদীখনৰ পানীত আয়ৰন অক্সাইডযুক্ত মাটি দ্ৰৱীভূত হয়। এই মাটি ক্ষয়ৰ বাবেই নদীখনৰ পানী ঘোলা হৈ ৰঙা ৰং ধৰে। সেউজীয়াৰে ভৰা হাবিৰ মাজত ৰঙা ৰঙৰ নদীৰ পানীয়ে পৰ্যটকসকলক খুব আকৰ্ষণ কৰে।

এই নদীখনৰ উৎপত্তি পালকোৱা ৰেইনবো মাউণ্টেইন উপত্যকাৰ পৰা। কেৱল বৰ্ষা কালত ইয়াৰ বহু পৰ্যটক আহে।

Exit mobile version