কৈ থাকিলেও শেষ নহয় দুৰ্নীতিৰ সদাগৰ ৰাকেশ পালৰ দুৰ্নীতিৰ কাহিনী। কেৱল নিজৰ স্বাৰ্থৰ বাবে কিমান তললৈ নামিব পাৰে মেধাৱী যোগ্য প্ৰাৰ্থীৰ তেজ শুহি খোৱা ৰাকেশ পাল, তাৰ কাহিনী এটা এটাকৈ পোহৰলৈ আহিবলৈ লৈছে। শাক-পাচলিৰ বজাৰৰ দৰে চাকৰিৰ বজাৰ মেলিছিল ৰাকেশ পাল এণ্ড কোম্পানীয়ে। আৰু এতিয়া পাপৰ ফল ভোগ কৰিছে ৰাকেশ পাল আৰু তেওঁৰ চেলা-চামুণ্ডাসকলে।
আজি APSCৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ দোষীৰ শাস্তি ঘোষণা কৰিলে আদালতে। দুৰ্নীতিৰ সম্ৰাট ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ডৰ লগতে ২ লাখ টকাৰ জৰিমনা বিহিছে আদালতে। লগতে, ছামেদুৰ ৰহমান আৰু বসন্ত দলেক ১০ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে ৫০ হাজাৰ টকাকৈ জৰিমনা বিহে আদালতে। এই ছামেদুৰ ৰহমান আৰু বসন্ত দলে আছিল APSCৰ সদস্য। আনহাতে, ২৯জন অভিযুক্তক ৪ বছৰকৈ কাৰাদণ্ড বিহে বিশেষ ন্যায়াধীশৰ আদালতে।
APSCৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ ভঙাগড় থানাৰ 159/17 গোচৰত দোষী সাব্যস্ত হৈছিল ৰাকেশ পালসহ ৩২জন। APSCৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ গোচৰৰ ২২ জুলাইত চূড়ান্ত ৰায়দান দিছিল আদালতে। এই গোচৰৰে ১১ অভিযুক্ত দোষমুক্ত ঘোষণা কৰিছিল আদালতে। আজি দোষী সাব্যস্ত হোৱাসকলৰ শাস্তি ঘোষণা কৰে আদালতে।
ৰাকেশ পাল, ছামেদুৰ ৰহমান আৰু বসন্ত দলেৰ উপৰি বাকী ২৯জন অভিযুক্ত হ’ল সংঘমিত্ৰা শ্যাম, কবীন কিল্লিংপি, সত্যনাথ ডেকা, শ্বাহিদ আজিজ হক, বিশ্বজিত দলে, ৰৌচন ৰইফ, দীপাংক বাৰিক, বিদ্যুত কুমাৰ দাস, ঋতুৰাজ সোণোৱাল, অল্পনা ডেউৰী, প্ৰিয়ংকা বৰা, বৰ্ণালী মেধি, ছুইটি বৰা হাজৰিকা, মফিদা বেগম শইকীয়া, প্ৰীতি দাস, কেশৱানন্দ বৰা, অঞ্জন লয়িং, জয়ন্ত জিৎ দাস, কল্যাণ শৰ্মা, প্ৰণৱ ভৰালী, বিপুল কুমাৰ ডেকা, কমল কৃষ্ণ দাস, জ্যোতি ৰেখা দাস, অলক কুমাৰ মালী, ফণীন্দ্ৰ শইকীয়া, প্ৰাঞ্জল বৰ্মন, জয়ন্ত চাবুকধৰ, বৈচিত্ৰ হাকমাওচা আৰু ৰোষেশ্বৰ টিমুং। এওঁলোকক ৪ বছৰ কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাকৈ জৰিমনা বিহে আদালতে।
টকাৰ খঁকত বহু মেধাৱী যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি চাকৰিৰ এখন মুকলি বজাৰ পাতিছিল ৰাকেশ পাল বাহিনীয়ে। লাখ লাখ টকাৰ বিনিময়ত ৰাকেশ পাল এণ্ড কোম্পানীয়ে বিক্ৰী কৰিছিল চৰকাৰী চাকৰি। আৰু ৰাকেশ পালৰ এই লালসাৰ বাবেই বঞ্চিত হৈছিল বহু যোগ্য প্ৰাৰ্থী। ইমানেই নহয়, জানিব পৰা মতে, ৰাকেশ পালৰ পত্নীক পাটৰ কাপোৰ উপাৰ দিও এ পি এছ চিৰ চাকৰি লাভ কৰিছিল এগৰাকী প্ৰাৰ্থীয়ে। এনে ধৰণৰ জঘন্য অপৰাধ কৰা এজন লোকৰ শাস্তি ১৪ বছৰেই যথেষ্টনে!
ইয়াৰ পূৰ্বে APSCৰ দুৰ্নীতিৰ অভিযোগত ৬ বছৰ ৪ মাহ কাল কাৰাবাস খাটি আহিছে ৰাকেশ পালে। ৰাজ্য কঁপোৱা এ পি এছ চি কেলেংকাৰীৰ নায়ক ৰাকেশ পালে যোগ্য প্ৰাৰ্থীৰ পেটত গোৰ সোধাই টকাৰ বিনিময় চাকৰি বিক্ৰী কৰি নিজৰ পেট গধূৰ কৰি আলহী হ’বলগীয়া হৈছিল কাৰাগাৰৰ। ২০২৩ চনৰ ২৮ মাৰ্চত জামিনত মুকলি আকাশৰ তললৈ আহিছিল ৰাকেশ পাল। জামিনত মুক্তি পোৱা ৰাকেশ পালক ভজন-কীৰ্তনত ব্যস্ত হোৱা দেখা গৈছিল। কিন্তু ভগৱানেও যেন ক্ষমা নকৰিলে ৰাকেশ পালক!

