Site icon Guwahati Times

ৰাজধানী চহৰত প্ৰিয় কুকুৰৰ সোণৰ মূৰ্তি উন্মোচন কৰিলে তুৰ্কমেনিস্তানৰ প্ৰেছিডেণ্টে

পোহনীয়া জন্তুৰ প্ৰতি ভালপোৱা হয়টো ইয়াকে কয়! তুৰ্কমেনিস্তানৰ ৰাজধানীৰ একেবাৰে মাজ মজিয়াত ৫০ ফুট উচ্চতাত  এটা কুকুৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।

তুৰ্কমেনিস্তানৰ প্ৰেছিডেণ্টে নিজৰ প্ৰিয় পোহনীয়া কুকুৰটোৰ সোণৰ প্ৰতিমূৰ্তি উন্মোচন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

২০০৭ চনৰ পৰা তুৰ্কমেনিস্তানৰ শাসনৰ গাদীত থকা প্ৰছিডেণ্ট গুৰবাংগুলী বাৰ্ডিমুখেমেদোভে বুধবাৰে অলবী প্ৰজাতিৰ এই কুকুৰৰ মূৰ্তিটো উন্মোচন কৰে। এই মূৰ্তিটো বিশেষকৈ বহু অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰি হৈছে। কোনো লোকে ক্ষতি কৰিব নোৱাৰিব মূৰ্তিটো।

কুকুৰৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰোতে ব্যৱহাৰ কৰা হৈছে ২৪ কেৰেট সোণ। আনকি মূৰ্তিৰ নিৰাপত্তাৰ বাবেও নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে।

Exit mobile version