Site icon Guwahati Times

ৰাজ্যত আকৌ নাও দুৰ্ঘটনা

 

বিগ ব্ৰেকিং নিউজ
Guwahati Times গুৱাহাটী টাইমচ

ৰাজ্যত আকৌ নাও দুৰ্ঘটনা। শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় পুনৰ নাওঁ দুৰ্ঘটনা। হাটশিঙিমাৰীৰ বেপাৰীপাৰা পাৰঘাটত দুখন ভুটভুটীৰ মুখামুখি সংঘৰ্ষ। জিনজিৰাম নৈত বুৰ যোৱা দুয়োখন নাওৰ এখন যাত্ৰীবাহী আৰু আন এখন মালবাহী ভুটভুটী আছিল। ঘটনাস্থলীত আৰক্ষী, এছ ডি আৰ এফ উপস্থিত হৈছে যদিও এজন যাত্ৰী সন্ধানহীন হৈ আছে। কিন্তু ইমান কেইটা নাওঁ দুৰ্ঘটনাৰ পিছটো কি ব্যবস্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে আভ্যন্তৰীণ জল পৰিবহন বিভাগ তথা সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে? কিয় আজিও ৰাজ্য চৰকাৰে এই গুৰুত্বপূৰ্ণ জল পৰিবহন বিভাগটোক বগা হাতী ৰূপে পৰিগণিত কৰি ৰাখিছে?

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Exit mobile version