Site icon Guwahati Times

ৰাজ্যত বতৰে ল’ব ৰুদ্ৰৰূপ! এইবাৰ সমগ্ৰ অসমত জাৰি কৰা হৈছে Red Alert!

বতৰক লৈ আহিছে ভয়ংকৰ খবৰ। ৰাজ্যত বতৰে ধাৰণ কৰিব কৰিব সংহাৰীৰ ৰূপ।

১৬ জুনত সমগ্ৰ অসমত Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। লগতে অৰুণাচল প্ৰদেশটো জাৰি কৰিছে Orange Alert। আনহাতে মেঘালয় ১৬ জুনত জাৰি কৰা হৈছে Red Alert, আৰু মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ডত জাৰি কৰা হৈছে Yellow Alert।

১৮ জুনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত জাৰি কৰা হৈছে Orange Alert।

১৯ জুনত অসম, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ডত জাৰি কৰা হৈছে Orange Alert। অৰুণাচল প্ৰদেশত জাৰি কৰা হৈছে Yellow Alert।

আগন্তুক ৫ দিনলৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু কিছু ঠাইৰ আকাশত বিজুলী ঢেৰেকণি অহাৰ উপৰিও অসমকে ধৰি মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ , মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে।

Exit mobile version