Site icon Guwahati Times

ৰাণীত ৩০০ পৰিয়ালক ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰণ।

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি আৰ পি এফ) গুৱাহাটী পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ে ২৪ মাৰ্চত দেশজুৰি আৰম্ভ হোৱা লকডাউন আৰম্ভ হোৱাৰ পাছৰে বৃহত্তৰ ৰাণী অঞ্চলৰ অসম মেঘালয় সীমান্তৰ দুৰ্গম অঞ্চলত বাস কৰা অভাবী লোক সকলক মাজে সময়ে খাদ্য সামগ্ৰী বিতৰণ কৰি সকাহ দিয়া পৰিলক্ষিত হৈছে। ১৬ মে’ৰ দিনা বিয়লি ১৭৫ চি আৰ পি এফৰ কামাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত বাহিনীটোৰ বিষয়া-জোৱানসকলে অসম মেঘালয় সীমান্তৰ ৰাণী অঞ্চলৰ নতুন বাতাবাৰী, পুৰাণ বাতাবাৰী, বানুপাৰা, শলমাৰী, পীতপাৰা, পুৰাণবাৰীত প্ৰায় ৩০০ টা পৰিয়ালক চাউল, দাইল, আলু, পিয়াজ, নিমখ আৰু মিঠাতেলৰ উপৰি মুখত পৰিধান কৰাৰ বাবে মাক্স বিতৰণ কৰে। বিতৰণ কাৰ্যসূচী বাহিনীটোৰ ডেপুটি কামাণ্ডেণ্ট মনোজ সিং, পৰিদৰ্শক অমিত শ্বাহ, উপ-পৰিদৰ্শক দিলীপ তিৱাৰীকে ধৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকে।

Exit mobile version