Site icon Guwahati Times

ৰাতিপুৱা শুৱাৰ পৰা উঠি মানি চলক এইকেইটা বাস্তু টিপচ্, সংসাৰত উপচি পৰিব সুখ-সমৃদ্ধি

প্ৰবাদত কোৱা হৈছে যে ৰাতিপুৱাটো গোটেই দিনটোৰ দাপোণ। ৰাতিপুৱাৰ আৰম্ভণি ভাল হ’লে গোটেই দিনটো ভাল হয়। ৰাতিপুৱাটো কেনেকৈ আৰম্ভ কৰিব? টোপনিৰ পৰা সাৰ পোৱাৰ পিছত কি কৰিব? বাস্তু শাস্ত্ৰই কি কয় জানি লওক।

আমাৰ বহুতৰে ৰাতিপুৱা সাৰ পোৱাৰ পিছত আইনাত মুখ চোৱাৰ অভ্যাস আছে। এই আচৰণ একেবাৰে ভাল নহয়। কেৱল পৰিষ্কাৰ কাপোৰ পৰিধান কৰি চুলি আচোৰাৰ সময়তহে আইনাত মুখখন চাওক। ই ধনাত্মক শক্তি সঞ্চাৰ কৰিব।

ৰাতিপুৱা যোগাভ্যাস কৰিলে শৰীৰ আৰু মন দুয়োটাৰে বাবে অতি উত্তম। ৰাতিপুৱাৰ যোগাভ্যাস কৰক। সূৰ্য্য নমস্কাৰ কৰিলে দিনটো দেহ-মনত ভাল শক্তি প্ৰবাহিত হৈ থাকিব।

ৰাতিপুৱা শঙ্খৰ শব্দ শুনাটো অতি শুভ। লগতে শংখ, নাৰিকল, ফুল আৰু ময়ুৰ দেখাটো বাস্তুৰ মতে অতি শুভ। গতিকে এইবোৰ বস্তুৰ লগতে ময়ুৰৰ মূৰ্তি আপোনাৰ শোৱা কোঠাত ৰাখিব পাৰে যাতে আপুনি সাৰ পোৱাৰ পিছত সেইবোৰলৈ চায়।

যদি দিনটোৰ প্ৰথম-আলো স্ফটিকৰ মাজেৰে প্ৰতিফলিত হৈ আপোনাৰ শোৱা কোঠাত প্ৰৱেশ কৰে, তেন্তে বাস্তু শাস্ত্ৰত ইয়াক অতি শুভ বুলি গণ্য কৰা হয়।

ৰাতিপুৱা সাৰ পাই দুৱাৰ-খিৰিকী খুলিব। নতুন ৰাতিপুৱাৰ পোহৰে আপোনাৰ পৰিয়াললৈ ইতিবাচক শক্তি কঢ়িয়াই আনে।

পূবৰ পোহৰ অতি শুভ। গতিকে ৰাতিপুৱা পূবৰ দুৱাৰৰ খিৰিকীখন খুলিব । কিন্তু বাস্তুৰ মতে পশ্চিমৰ পোহৰ ইমান ভাল নহয়।

পৰিয়ালৰ সকলোৱে একেলগে ব্ৰেকফাষ্ট কৰিবলৈ চেষ্টা কৰিব। ই পাৰিবাৰিক বন্ধন মজবুত কৰে।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।
Exit mobile version