Site icon Guwahati Times

ৰাম লালালৈ হীৰাৰ মুকুট, মূল্য় শুনিলে চকু কপালত উঠিব আপোনাৰ…

২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ল ৰাম মন্দিৰৰ। ৰাম মন্দিৰৰ গৰ্ভগৃহত প্ৰতিষ্ঠা কৰা হল ৰামলালাৰ মূৰ্তি। এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰল সমগ্ৰ দেশবাসী । লোকেলোকাৰণ্য হৈ পৰিছে ৰাম জন্মভূমি। ৰাম মন্দিৰৰ বাবে দেশ-বিদেশৰ বহু প্ৰান্তৰ পৰা বিভিন্ন ধৰণে দান বৰঙনি আগবঢ়াইছে।

ইয়াৰ মাজতে গুজৰাটৰ চুৰাটৰ এজন হীৰা ব্যৱসায়ীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ ৰাম লালাৰ মূৰ্তিৰ বাবে ‘মুকুট’ আগবঢ়াইছে। ১১ কোটি টকা মূল্যৰ এই মুকুটটো ৰাম মন্দিৰৰ ৰাম লালাৰ মূৰ্তিৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা হৈছে।

উল্লেখ্য যে চুৰাটৰ গ্ৰীণ লেব ডাইমণ্ড কোম্পানীৰ স্বত্বাধিকাৰী মুকেশ পেটেলে ভগৱান ৰামক সোণ, হীৰা, বহুমূলীয়া ৰত্নেৰে সজ্জিত ৬ কিলোগ্ৰাম ওজনৰ মুকুট উপহাৰ দিয়ে।

Exit mobile version