Site icon Guwahati Times

ৰাহুলৰ বিয়াৰ বাবে কইনা বিচাৰি দিয়াৰ দায়িত্ব দিলে ছোনিয়াই; কাক দিলে এই দায়িত্ব?

ৰাহুল গান্ধীৰ বিবাহ সন্দৰ্ভত বহু জল্পনা-কল্পনা চলি আছে যদিও তেওঁ এতিয়াও ‘অবিবাহিত’। এতিয়া মাতৃ ছোনিয়া গান্ধীয়ে পুত্ৰৰ বাবে কইনা বিচাৰি উলিওৱাৰ কথা ক’লে। এটা ভিডিঅ’ত দেখা গৈছে যে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে হাৰিয়ানাৰ এগৰাকী মহিলাক এনেধৰণৰ কথাই কৈছে।

শেহতীয়াকৈ হাৰিয়ানাৰ কৃষক পৰিয়ালৰ একাংশ মহিলাই দিল্লীত গান্ধী পৰিয়ালক লগ পাইছিল। ছোনিয়া, ৰাহুল আৰু প্ৰিয়ংকা একেলগে বহি খোৱাবোৱা, গল্পগুজৱ কৰিছিল। সেই ভিডিঅ’টোত এগৰাকী মহিলাই ছোনিয়াক পুত্ৰৰ বিয়াৰ বিষয়ে সুধি থকা দেখা গৈছে। উত্তৰত ছোনিয়াই কয়, “আপোনালোকেই কইনা বিচাৰি দিয়ক।”

 

Exit mobile version