অভিনেত্ৰী শাৰ্লিন চোপ্ৰা (Sherlyn Chopra) স্ক্ৰীণতে হওক বা নিজৰ মন্তব্যতে হওক সদায় সাহসী। যাক লৈ সততে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে। এইবাৰ পুনৰ চৰ্চালৈ আহিছে এইগৰাকী অভিনেত্ৰী। প্ৰাক্তন ‘বিগ বছ ১৩’ৰ প্ৰতিযোগীগৰাকীক যেতিয়া ধেমালিতে সোধা হৈছিল যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ (Rahul Gandhi) সৈতে বিবাহপাশত আবদ্ধ হ’ব নেকি, ইয়াৰ উত্তৰত তেওঁ এটা চৰ্তৰ সৈতে সাকাৰাত্মক উত্তৰ দিয়ে। শাৰ্লিনৰ এই কথা কেমেৰাত আবদ্ধ হয় আৰু ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
প্ৰায়ে পাপাৰাজিৰ নজৰ থাকে শাৰ্লিন চোপ্ৰা। এইবাৰ বান্দ্ৰাৰ বেণ্ডষ্টেণ্ডত দেখা গ’ল অভিনেত্ৰীগৰাকীক। তেওঁ ক’লা মিনি স্কাৰ্টৰ সৈতে পাতল গুলপীয়া পাংখাৰ শ্লীভলেছ ক্ৰপ টপ পৰিধান কৰা দেখা গৈছে। অনুৰাগীৰ সৈতে ছেলফি লোৱাৰ সময়তে, এজনে ধেমালিতে প্ৰশ্ন কৰে তেওঁ ৰাহুল গান্ধীৰ সৈতে বিয়াত বহিব নেকি। শাৰ্লিনৰ প্ৰতিক্ৰিয়া পাতল ধৰণৰ আছিল যদিও স্পষ্ট আছিল। অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘হয়, কিন্তু মই বিচাৰিম যে বিয়াৰ পিছত মোৰ উপাধি চোপ্ৰাই থাকিব।’’
ৰাহুল গান্ধীক বিয়া কৰাবলৈ সাজু শাৰ্লিন চোপ্ৰা! কিন্তু ‘এই’ চৰ্তত

