Site icon Guwahati Times

ৰূপালী পর্দাত ৰাখি সাৱন্তৰ জীৱনী! চিত্রনাট্যৰ দায়িত্বত জাভেদ আখতাৰ

 নিৰু বেদৰ জন্ম ১৯৭৮ চনৰ ২৫ নৱেম্বৰত মুম্বাইত হৈছিল। ৰক্ষণশীল পৰিয়ালৰ কন্যা নিৰুৱে শিশুকালৰ পৰাই গ্লেমাৰৰ পৃথিৱীত তাইৰ নাম প্ৰতিস্থা কৰাৰ সপোন দেখিছিল। কিন্তু তেওঁ বাৰে বাৰে বাধাৰ সন্মুখিন হৈছিল।
বহু ঘাত-প্রতিঘাত পাছত আজি তেওঁ বলীউডৰ অন্যতম চর্চিত চৰিত্র। ইপিনে এইবাৰ তেওঁৰ জীৱনী প্ৰকাশ পাব জাভেদ আখতাৰৰ কলমেৰে।  আজি যি পৰিচিত ৰাখি সাৱন্ত নামেৰে (Rakhi Sawant)। যাৰ জীৱনী লেখাৰ ইচ্ছা প্রকাশ কৰিছে ফিল্ম ইন্ডাষ্ট্রিৰ প্রখ্যাত গীতিকাৰ জাভেদ আখতাৰে। লগতে শুনা গৈছে, সেই বায়োপিক ফাৰহান আখতাৰে পৰিচালনাও কৰিব পাৰে।
নিজৰ ইনষ্টাগ্রাম পেজত অভিনেত্রী ৰাখিয়ে এক ছবি শ্বেয়াৰ কৰি ঘটনাৰ সত্যতাৰ কথা স্বীকাৰ কৰিছে। চিত্রনাট্যকাৰ জাভেদ আখতাৰে জনাইছে, ” আজিৰ পৰা চাৰি-পাঁচ বছৰ পূৰ্বে ৰাখিয়ে তেওঁৰ জীৱনত যেনেদৰে সংগ্ৰাম কৰিছিল, আমিও তেনেদৰেই যুদ্ধ কৰিছো। ৰাখিয়ে আমাক তেওঁৰ সৰুকালৰ কথাও জনাইছিল। আৰু সেই সময়ত মই তেওঁক কৈছিলো, এটা সময়ত তোমাৰ জীৱনক কেন্দ্র কৰি মই এখন স্ক্রিপ্ট লিখিম।”
Source-Niyomiyabarta
Exit mobile version