অসম চৰকাৰৰ অসামৰিক সেৱা বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া সুৰেন্দ্ৰ কুমাৰ বৰুৱাৰ দেহাৱসান। গুৱাহাটীৰ আমবাৰীৰ নিজা বাসভৱনত হৃদ ৰোগত আক্ৰান্ত হৈ যোৱা ২৬ জুনৰ পুৱা ৭.৩৫ বজাত বৰুৱাই ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ।
উত্তৰ লক্ষীমপুৰৰ লালুকত ০৭-১১-১৯২৯ চনত জন্ম গ্ৰহণ কৰা বৰুৱা অসম চৰকাৰৰ ভূমি অভিলেখ বিভাগৰ পৰা অতিৰিক্ত সঞ্চালক হিচাপে অৱসৰ লোৱাৰ পিছত বিভিন্ন সামাজিক কামত মৃত্যুৰ আগমুহূৰ্তলৈকে জড়িত হৈ আছিল। তেওঁ আছিল অসম চৰকাৰৰ পেন্সনাৰ সন্থাৰ প্ৰাক্তন সম্পাদক আৰু সক্ৰিয় সদস্য। লগতে তেওঁ অসম গণ পৰিষদৰ আমবাৰীৰ ৱাৰ্ড প্ৰেচিডেণ্ট আছিল। ইতিহাস আৰু ৰাজনীতি চৰ্চ্চা কৰি ভাল পোৱা বৰুৱাই বৰ্তমান চলি থকা যুদ্ধৰ সমস্ত খবৰ ৰাখিছিল। কটন কলেজৰ ছাত্ৰ হিচাপে তেওঁ এজন সুদক্ষ NCC কেডেট হোৱাৰ বাবে তেওঁক অসম NCC under officer হিচাপে নিযুক্তি দি তেওঁৰ অধীনত ১৯৫২ চনত অসম ৰাজ্যই প্ৰথমবাৰৰ বাবে দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰে। সৰ্বভাৰতীয় স্তৰত অসমৰ দলটোৱে দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সমৰ্থ হয় আৰু তেতিয়াৰ ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ পৰা পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। সৰুতে মাতৃহাৰা হোৱা বৰুৱাৰ পিতৃ শশীধৰ বৰুৱা আছিল ব্ৰিটিছ শাসিত আৰু স্বাধীন অসমৰ চৰকাৰী বিষয়া। ১৯৬১ চনত মহা নগাঁও জিলাৰ চামগুৰিত খণ্ড উন্নয়ন বিষয়া হৈ থকাৰ সময়ত ৰঙাগৰাৰ উচ্চ শিক্ষিতা নীলিমা হাজৰিকাৰ লগত বিবাহ পাশত আবদ্ধ হয়। তেওঁ মৃত্যুৰ সময়ত পত্নী, দুজন পুত্ৰ, একমাত্ৰ জীয়াৰী, দুই বোৱাৰী, জোঁৱাই আৰু তিনিটি নাতি-নাতিনী এৰি থৈ যায়।
▪️অসম চৰকাৰৰ অসামৰিক সেৱা বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া সুৰেন্দ্ৰ কুমাৰ বৰুৱাৰ দেহাৱসান

