Site icon Guwahati Times

অমৃত পাল সিঙৰ ওপৰত NSA আৰোপ : কি আছে এই কঠোৰ আইনত?

পঞ্জাৱ আৰক্ষীয়ে এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ‘ৱাৰিজ পঞ্জাৱ দে’ৰ নেতা অমৃত পাল সিঙক। পঞ্জাৱ আৰক্ষীৰ চকুত ধূলি দি বাইকেৰে পলায়ন কৰিছিল অমৃত পাল সিঙে আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল বাইক খন। ইতিমধ্যে ‘ৱাৰিছ পঞ্জাৱ দে’ৰ ১০০ জনৰো অধিক সদস্য় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

মঙলবাৰে পঞ্জাৱ চৰকাৰে আদালতক কয় যে যে অমৃতপাল সিঙৰ ওপৰত ৰাষ্ট্ৰীয় সুৰক্ষা আইন (এনএছএ) জাৰি কৰা হৈছে। অসমৰ কাৰাগাৰত ৰখা অমৃতপালৰ চাৰিজন সহযোগীৰ ওপৰতো এই আইন আৰোপ কৰা হৈছে।

Exit mobile version