Site icon Guwahati Times

অসমত অত্যধিক হাৰত বৃদ্ধি শাক-পাচলিৰ বজাৰ মূল্য !

ৰাজ্যত বানপানী আৰু অত্যধিক বৰষুণৰ বাবে ঘৰ–দুৱাৰ, পথাৰ, শাক–পাচলিৰ খেতি নষ্ট হৈছে। ইয়াৰ ফলত এতিয়া পাচলিৰ দাম অত্যধিক হাৰত বৃদ্ধি পাইছে। পাচলিৰ অত্যধিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে।

ঢেকিয়াজুলিৰ পাইকাৰী বজাৰত প্ৰায়বোৰ কেচা শাক–পাচলিৰ দাম ৫০ৰ পৰা ৬০টকা পৰ্যন্ত হৈছে। নিতৌ শাক পাচলিৰ দাম বৃদ্ধি পাইছে। ঢেকিয়াজুলিৰ পাইকাৰী বজাৰত পটল প্ৰতি কেজিত ৪০ টকা, গাজৰ ৫০ টকা, তিয়ঁহ ৩০টকা, বিলাহী ৫০-৬০, বন্ধা কবি ২০-২৫টকা।

আনহাতে, খচুৰা বজাৰত ইয়াতকৈ দুগুন দাম হৈছে পাচলিৰ। একেদৰে খুচুৰা বজাৰত প্ৰতিকিলো বিলাহী ৭০ৰ পৰা ৮০টকা, পটল ৫০-৬০টকা, তিয়ঁহ ৫০টকা, গাজৰ ৬০-৭০টকালৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে, অসমৰ কৃষকৰ শাক–পাচলি খেতি আদি বৰষুণত নষ্ট হোৱাৰ বাবে বাহিৰৰ পৰা এইবোৰ আমদানি কৰা হৈছে। এই সমূহ পাচলি অৰুণাচল আৰু অন্যান্য ঠাইৰ পৰা অনা হৈছে বাবে পাচলিৰ দাম বৃদ্ধি পাইছে। পাচলিৰ মূল্য আগন্তুক দিনসমূহত ইয়াতকৈ দুগুন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

Exit mobile version