Guwahati Times

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ’ব নেকি প্ৰদ্যুত্‍ বৰদলৈ? কি ক’লে নগাঁৱৰ সাংসদজনে?

বহুধা বিভক্ত অসম কংগ্ৰেছৰ সভাপতিৰ পদ গ্ৰহণ কৰিবলৈ সাজু হৈছে নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ । দলৰ শীৰ্ষ নেতৃত্বই এই দায়িত্ব প্ৰদান কৰিলে নিশ্চিত ভাৱে গ্ৰহণ কৰিব কংগ্ৰেছৰ নেতাজনে। কিন্তু তেওঁ দিল্লীত কাকো তেল নামাৰে বা বৰ্তমানৰ সভাপতিৰ বিৰোধিতা নকৰে । বৃহস্পতিবাৰে দিল্লীৰ যন্তৰ মন্তৰত হোৱা এক কৃষকৰ প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে নগাঁৱৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।

আনহাতে অজন্তা নেওগে দলত্যাগ কৰিলে দলৰ বিস্তৰ ক্ষতি হ’ব বুলিও কয় বৰদলৈয়ে। তেওঁ মনে প্ৰাণে অজন্তা নেওগ দলত থকাতো বিচাৰে।

সদ্যঃ সমাপ্ত BTC নিৰ্বাচনত কংগ্ৰেছ- AIUDFমিত্ৰতাই মুখ থেকেচা খোৱাৰ সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে বৰদলৈয়ে । তেওঁ কয় – ‘AIUDFৰে মিত্ৰতা পৰীক্ষামূলক আছিল আৰু এনে মিত্ৰতাই নেতিবাচক পৰিণতিহে প্ৰদান কৰিব।’ বৰদলৈয়ে নৱগঠিত সকলো দলক মিত্ৰজোঁটৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়।

Source:News18Assam

Exit mobile version