অসম ব্ৰহ্মদেশৰ অংগ আছিল। ব্ৰহ্মদেশৰ পৰাহে অসমক ভাৰতৰ অংগ কৰিছিল ব্ৰিটিছৰ দিনত। উচ্চতম ন্যায়ালয়ৰ মজিয়াত এই বিস্ফোৰক মন্তব্য কৰিছিল জ্যেষ্ঠ অধিবক্তা তথা জ্যেষ্ঠ সমাজবাদী পাৰ্টীৰ নেতা কপিল ছিবালে। ‘কা’ আৰু ভিত্তিবৰ্ষ সম্পৰ্কীয় গোচৰৰ শুনানিৰ কালত বৃহস্পতিবাৰে এই যুক্তি প্ৰদৰ্শন কৰিছিল কপিল ছিবালে।
কপিল ছিবালে কয়, ‘‘জনসংখ্যা মানুহৰ প্ৰব্ৰজনৰ ইতিহাসত নিহিত হৈ আছে আৰু ইয়াৰ মানচিত্ৰ নিৰ্মাণ কৰিব নোৱাৰি। আচলতে অসম ম্যানমাৰৰ (পূৰ্বৰ ব্ৰহ্মদেশ) অংশ আছিল আৰু ব্ৰিটিছে ইয়াৰ এটা অংশ জয় কৰিছিল, সেইবাবে অসমক ব্ৰিটিছক হস্তান্তৰ কৰা হৈছিল।’’
‘‘অসম আৰু পূব বংগ এক হৈ পৰিছিল আৰু বিদ্যালয়সমূহত বাংলা ভাষা শিকোৱা হৈছিল। যাক লৈ প্ৰবল বিৰোধ হৈছিল। অসমত বাঙালী জনসংখ্যাৰ আদান-প্ৰদান আৰু অৱশোষণৰ এক ঐতিহাসিক প্ৰসংগ আছে।’’ – কয় কপিল ছিবালে।
উচ্চতম ন্যায়ালয়ৰ মজিয়াত কপিল ছিবালে অসম সন্দৰ্ভত কৰা এই মন্তব্যক লৈ এতিয়া অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সূচনা হৈছে। কপিল ছিবালৰ মন্তব্যৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ক’লে – ‘‘কপিলৰ ছিবালৰ ভৌগোলিক জ্ঞান নাই। অসম কেতিয়াও ম্যানমাৰৰ অংগ নাছিল।’’
মন্ত্ৰী পীযূষ হাজৰিকায়ো এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, ‘‘কপিল ছিবাল মহাশয়ক ভুলকৈ জনোৱা হৈছে। বাও মতাদৰ্শৰে উত্তৰ-পূবক বিচ্ছিন্ন কৰাৰ প্ৰৱণতা ইয়াত পৰিস্ফূত হৈছে। অসমৰ ইতিহাসৰ কোনো এটা সময়তে আমি ম্যানমাৰৰ অংশ নাছিলো। মহাভাৰতৰ সময়ৰ পৰা বা ইয়াৰ আগৰ পৰাই আমি ভাৰতবৰ্ষৰ অবিচ্ছেদ্য অংগ আছিলো।’’

