অসম সাহিত্য সভাৰ আজিৱন সভ্য সকলৰ মাজত হেল্থ কাৰ্ড বিতৰণৰ শুভাৰম্ভনী কৰিলে সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে

0 min read

মঙলদৈৰ পৰা মকছেদ আলিৰ ৰিপৰ্ট ২ জুনঃ আজি দৰং জিলা সাহিত্য সভাৰ সভাকক্ষত আয়োজিত সভাত অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে আজিৱন সভ্য সকলৰ মাজত হেল্থ কাৰ্ড বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ ড° ৰাজবংশীয়ে কলে যে সাহিত্য সভাৰ সকলো আজীৱন সভ্যই গুৱাহাটীৰ হায়াট হস্পিটেলত প্ৰাথমিক পৰীক্ষা বিনামূলীয়া আৰু চিকিৎসাধীন সদস্যই অতি কমেও ৩৫% ৰেহাই মূল্যত চিকিৎসা গ্ৰহণ কৰিবলৈ সুবিধা পাব ৷ ড° ৰাজবংশীয়ে অসমৰ সকলো স্তৰৰ মানুহকে সাহিত্য সভাৰ লগত জৰিত হ’বলৈ আহ্বান জনালে ৷

You May Also Like

More From Author